নগাঁও, 15 ডিচেম্বৰ: নগাঁৱৰ খেল ইণ্ডিয়া মল্লযুদ্ধ চেণ্টাৰত (Wrestling team selection camp) ৰাজ্যিক ভিত্তিত এক বাছনি শিবিৰত ঘোষণা কৰা হয় মল্লযুদ্ধ প্ৰতিযোগিতাৰ অসম দল (Assam team of wrestling competition) । অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অহা 21 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আগন্তুক ছিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ (পুৰুষ-মহিলা) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটো বুধবাৰে বিয়লি গঠন কৰা হয় (National Wrestling Championships)।
কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, ধেমাজি, শিৱসাগৰ, তিনিচুকীয়া, গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা এশৰো অধিক খেলুৱৈয়ে ভাগ লোৱা এই শিবিৰৰ পৰা অসম দলটো ঘোষণা কৰা হৈছে । এই উপলক্ষে অসম মল্লযুদ্ধ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্বল বৰুৱা আৰু যুটীয়া সম্পাদক তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ উপস্থিতিত আয়োজিত শিবিৰৰ সামৰণি অনুষ্ঠানত অসম মল্লযুদ্ধ সন্থাৰ বিষয়ববীয়া শশাংক শৰ্মা বৰুৱা, প্ৰান্তৰ ভট্টাচাৰ্য, নৱজ্যোতি বৰুৱা, অজয় কুমাৰ সিং, সঞ্জীৱ পাল, সমীৰ হাজৰিকা আদি উপস্থিত থাকে ।