চামগুৰি, 31 জানুৱাৰী : অগপৰ এখন বিশাল গণ সভাত মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলাৰ একাংশ লোকক ভূমিৰ পট্টা প্ৰদান কৰি থকাৰ সময়তে জিলাখনৰ সীমামুৰীয়া চামগুৰিৰ আমনিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে ৷
মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিমূৰ্তি দাহ কৰি আমনি অনিআলিত ক্ষোভ প্ৰকাশ কৰে অৰ্ধশতাধিক আটছা নেতা-কৰ্মীয়ে। জনজাতিকৰণৰ কে ধৰি জিলা খনৰ ১৮ খন বাগিছাৰ চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ পূৰণ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
আমনিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ প্ৰতিবাদস্থলীত মন্ত্ৰী কেশৱ মহন্তই চাহ শ্ৰমিক সকলক অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে । উল্লেখ্য যে প্ৰতিবাদস্থলীত আটছাৰ নেতৃত্বই চৰকাৰৰ ওচৰত জিলাখনৰ প্ৰকৃত দৰিদ্ৰ চাহ শ্ৰমিকৰ পৰিয়াল সমূহক মাটিৰ পট্টা প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰে ।
অন্যথা অগপৰ লগতে কোনো ৰাজনৈতিক দলকে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত চাহ বাগিছা অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক: পাঁচ ৰাজ্যত একেসময়তে নিৰ্বাচন : কিন্তু বিজেপিৰ গুৰুত্ব অসমত কিয় ?