অসম

assam

ETV Bharat / state

আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী - কাৰ্বি আংলং বন বিভাগ

চামগুৰি আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ ৰাজপথত ডাম্পাৰ তথা দ্ৰুতবেগী বাহনক নাকী লগাবলৈ আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচীৰ ৷

assam tea state tribal student union protest
আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Nov 12, 2021, 10:50 PM IST

চামগুৰি, 12 নৱেম্বৰ : শুকুৰবাৰে উত্তাল হ’ল চামগুৰিৰ আমলখিৰ ৰাজপথ ৷ ৰাজপথত ডাম্পাৰ তথা দ্ৰুতবেগী বাহনক নাকী লগাবলৈ আমলখিতঅসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচীৰ । অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সহযোগ কৰা প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীতেই আৱদ্ধ কৰে বহু সংখ্যক ডাম্পাৰ ।

অভিযোগ অনুসৰি, মাত্ৰাধিক শিল ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বহু কেইটা পথ বিধস্ত হৈ পৰিছে ৷ যাৰ ফলত সংঘটিত হৈছে সৰু-বৰ বহুকেইটাও দুৰ্ঘটনা ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি, আমলখিৰ কেইবাটাও পথ কেইটাৰ মেৰামতিৰ বাবে ভ্ৰূক্ষেপ নাই প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ ।

আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

লগতে পঢ়ক :Video Viral: পাঁচ গৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী কোৱাৰী-ক্ৰেছাৰ আৰু ডাম্পাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্বি আংলং বন বিভাগৰ বিৰুদ্ধে ক্ষুভ উজাৰে প্ৰতিবাদী আটছাই । মন্ত্ৰী কেশৱ মহন্তৰ চৰম অনিহাৰ বিপৰীতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে । অন্যথা অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী আটছাৰ নেতৃত্বয়ে ।

লগতে পঢ়ক :Corruption : টীয়কত পথ নিৰ্মাণৰ নামত অপচয় হৈছে ৰাজকোষৰ ধন

ABOUT THE AUTHOR

...view details