অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

গ্ৰামীণ ৰাইজৰ জীৱন জীৱিকা সুৰক্ষাৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যজুৰি সাব্যস্ত কৰা এই প্ৰতিবাদত ঠেলা-মুটিয়া শ্ৰমিক সন্থা, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন আৰু ধিং দুৰ্নীতি বিৰোধী সংস্থায়ো অংশগ্ৰহণ কৰে ৷

By

Published : May 24, 2021, 8:03 PM IST

ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ
ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

চামগুৰি, 24মে':সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই গ্ৰামীণ ৰাইজৰ জীৱন জীৱিকা সুৰক্ষাৰ দাবীত সোমবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায় যে, গোৱালপাৰা, মৰিগাঁও, নগাঁও, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সন্থাৰ সদস্য তথা সমৰ্থক সকলে হাতে হাতে প্লে’-কাৰ্ড আৰু পতাকা লৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ প্ৰতি গোৱালপাৰাৰ কৃষ্ণাই ঠেলা-মুটিয়া শ্ৰমিক সন্থা, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন আৰু ধিং দুৰ্নীতি বিৰোধী সংস্থায়ো কাৰ্যসূচীত অংশগ্ৰহণ তথা সমৰ্থন জনায়।

ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

নেতাদ্বয়ে ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ বাবে গাঁৱে-গাঁৱে চিকিৎসা বিভাগৰ এটি দল প্ৰদান কৰা, ঘৰে-ঘৰে ক'ভিড পৰীক্ষা কৰা আৰু প্ৰত্যেককে বিনামূলীয়া ভেকচিন প্ৰদান কৰাৰ বাবে দাবী জনায় । প্ৰতিটো পঞ্চায়ততে এম্বুলেঞ্চ আৰু অক্সিজেন সহ ক'ভিড কেয়াৰ কেন্দ্ৰ গঢ়ি তোলা, পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত সকলো দুখীয়া পৰিয়ালক মাহে পাঁচ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰা, দৰিদ্ৰ সীমাৰেখাৰ প্ৰতিটো পৰিয়াললৈ মাহে ৩৫ কেজি চাউল আৰু ৫ কেজি দাইল যোগান ধৰা, ক্ষুদ্ৰ ব্যৱসায়কে ধৰি শ্ৰমজীৱী ৰাইজৰ মাইক্ৰ'ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ তাৎক্ষণিকভাৱে মাফ কৰি দিয়াৰ বাবে দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

বিজেপি নেতৃত্বাধীন অসম আৰু কেন্দ্ৰ চৰকাৰে ক'ভিড-১৯ দ্বিতীয়তো ঢৌৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰামীণ শ্ৰমজীৱী আৰু দুখীয়া ৰাইজৰ জীৱন-জীৱিকা আৰু স্বাস্থ্য পৰিসেৱা তথা স্বাস্থ্য খণ্ডৰ সাৰ্বিক ব্যৱস্থাপনা জনমুখী আৰু সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত "নীতি বিকলাঙ্গতা" ( Policy Paralysis) ৰ চিকাৰ হৈছে বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে সংগঠনটোৰ সদস্য সকলে ৷

ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে অতি শীঘ্ৰে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে ।

অন্য এক খবৰৰ বাবে: ক'ভিড প্ৰটকল ভংগ কৰি নলবাৰীৰ বিদ্যুত সংমণ্ডল কাৰ্যালয়ত ভোজভাত

ABOUT THE AUTHOR

...view details