অসম

assam

ETV Bharat / state

ৰহাত ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে'ল - ভয়ংকৰ দূৰ্ঘটনা

কাৰ্বি আংলং জিলাত কৰ্মৰত আৰক্ষী বিষয়া নবীন ডেকাৰ তৎপৰতাই সোমবাৰে হ'বলগীয়া  ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে শ শ যাত্ৰীক৷ অৱশ্যে পৰৱৰ্তী সময়ত পি এফে ৰে'ল পথটো মুকলি কৰি পলমকৈ হলেও ৰে'লৰ চলাচলত সহায় কৰে।

ভয়ানক দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে'ল

By

Published : Apr 28, 2019, 11:32 AM IST


ৰহা, 28 এপ্ৰিলঃ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখনকৈ যাত্ৰীবাহী ৰে'ল। দেওবাৰে পুৱতি নিশা ৰহাৰ সৰাগাঁও তিনিআলিৰ সমীপত দুৰ্ঘনাগ্ৰস্ত হয় এখন ট্ৰাক ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ৰে'ল লাইনত খুন্দা মাৰি ৰে'ল লাইনৰ কাষতে পৰি ৰয় ট্ৰাকখন৷

ভয়ানক দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে'ল

আৰু পঢ়ক মাকুমত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

আনহাতে প্ৰাতঃ ভ্ৰমণলৈ গৈ থকা অৱস্থাত ৰে'ল লাইনৰ অতি কাষৰতে দুৰ্ঘটনাত পতিত ট্ৰাকখন দেখি পলম নকৰি প্ৰায় 200 মিটাৰ দূৰত্বত থকা ৰে'ল ক্ৰচিংটোৰ দায়িত্বত থকা ৰে'ল কৰ্মচাৰীক সমগ্ৰ ঘটনা অৱগত কৰে নবীন ডেকা নামৰ লোকজনে ৷ ফলত কৰ্মচাৰীগাৰীকয়ে ততাতৈয়াকৈ চাপৰমুখ ৰে'ল ষ্টেচনত খবৰ দিয়ে। উল্লেখ্য যে পুৱা 6 আৰু 8 বজাত নগাঁৱৰ পৰা গুৱাহাটীলৈ চলাচল কৰে কলংপাৰ আৰু কপিলী নামৰ দুখনকৈ যাত্ৰীবাহী ৰে'ল৷

কাৰ্বি আংলং জিলাত কৰ্মৰত আৰক্ষী বিষয়া নবীন ডেকাৰ তৎপৰতাই সোমবাৰে হ'বলগীয়া ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে শ শ যাত্ৰীক৷ অৱশ্যে পৰৱৰ্তী সময়ত পি এফে ৰে'ল পথটো মুকলি কৰি পলমকৈ হলেও ৰে'লৰ চলাচলত সহায় কৰে।

ABOUT THE AUTHOR

...view details