অসম

assam

ETV Bharat / state

কলিয়াবৰত দিন-দুপৰতে ডকাইটে লুটি নিলে 2 লক্ষাধিক টকা - regional news

এইবাৰ কলিয়াবৰত দিন ডকাইটি। ভাৰতীয় ষ্টেট বেংক কলিয়াবৰ শাখাৰ সন্মুখত ৰখাই থোৱা AS-০২S-৯৮৪৭ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰ খিৰিকিৰ গ্লাচ ভাঙি লুটি নিলে 2 লাখ 55 হাজাৰ টকা । কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ গাড়ীৰ পৰা লুটি নিয়ে টকাখিনি

কলিয়াবৰত দিন-দুপৰতে ডকাইটে লুটি নিলে 2 লক্ষাধিক

By

Published : May 18, 2019, 5:54 PM IST

নগাঁও, 18 মে': কলিয়াবৰত ভাৰতীয় ষ্টেত বেংকৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে 2 লাখ 55 হাজাৰ টকা ৷ দেৱকান্ত ৰাজখোৱাৰ নামৰ লোকজনৰ চুইফট ডিজায়াৰ গাড়ীৰ গ্লাছ ভাঙি লুটি নিয়ে টকাখিনি ৷ এইবাৰ কলিয়াবৰত দিন ডকাইটি। ভাৰতীয় ষ্টেট বেংক কলিয়াবৰ শাখাৰ সন্মুখত ৰখাই থোৱা AS-০২S-৯৮৪৭ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰ খিৰিকিৰ গ্লাচ ভাঙি লুটি নিলে 2 লাখ 55 হাজাৰ টকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ গাড়ীৰ পৰা লুটি নিয়ে টকাখিনি ।

কলিয়াবৰত দিন-দুপৰতে ডকাইটে লুটি নিলে 2 লক্ষাধিক
দুখন চেকৰ জৰিয়তে বেংকৰ পৰা টকাখিনি উলিয়াই নিজ গাড়ীত থৈ প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই গাড়ীখনৰ সমুখৰ বাঁওফালৰ আসনৰ খিৰিকীৰ গ্লাছ ভাঙি টকা লৈ উধাও হয়। গাড়ীখনলৈ উভটি আহি ভঙা গ্লাছ দেখাৰ পাচতহে দেৱকান্ত ৰাজখোৱাই টকা নোহোৱাৰ কথা জানিব পাৰে। ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আনহাতে বেংকৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে যদিও বৰ্তমান পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । ইয়াৰ পূৰ্বতেও কলিয়াবৰত এনে ঘটনা সংঘটিত হৈছে যদিও কলিয়াবৰ তিনিআলিৰ কেন্দ্ৰস্থলত অৱস্থিত বেংক শাখাটোত কোনোধৰণৰ নিৰাপত্তা ব‍্যৱস্থা লোৱা দেখা নগ'ল । যাৰ ফলস্বৰূপে পুনৰ শনিবাৰে দুস্কৃতিকাৰীয়ে এনে কাৰ্য সংঘটিত কৰিবলৈ সুবিধা পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ।

ABOUT THE AUTHOR

...view details