নগাঁও, 26 এপ্ৰিলঃ নগাঁৱৰ কুৰুৱাবাহীত শোকাৱহ পথ দুৰ্ঘটনা ৷ দৰা কইনা কঢ়িওৱা বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষত থিতাতে নিহত এজন আৰু আহত চাৰি ৷ নগাঁৱৰ বটদ্ৰৱাৰ সমীপৰ জাজৰি আৰক্ষী থানাৰ অধীনস্থ কুৰুৱাবাহীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ খবৰ অনুসৰি, নিশা প্ৰায় ১১ বজাত নগাঁও-মৰিগাঁও সংযোগী মূল গড়কাপ্তানী পথৰ কুৰুৱাবাহীত AS-01-AM-3609 নম্বৰৰ চাৰিচুকীয়া বাহনেৰে বিবাহ অনুষ্ঠানৰ পৰা দৰা-কইনা কঢ়িয়াই আহি থকা সময়তে AS-01-Y-3001 নম্বৰৰ বাইকখনৰ লগ মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী বিকুল ডেকা ৷ তাৰোপৰি গুৰুতৰভাৱে আহত হয় বাইকখনৰ অন্য দুই আৰোহী এগৰাকী মহিলা আৰু এটি শিশু ৷ আহত দুয়োগৰাকীকে প্ৰত্যক্ষদৰ্শীৰ তৎপৰাত জি এম চি এইচ লৈ প্ৰেৰণ কৰে৷
নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন - পথ দুৰ্ঘটনা
নিশা প্ৰায় ১১ বজাত নগাঁও-মৰিগাঁও সংযোগী মূল গড়কাপ্তানী পথৰ কুৰুৱাবাহীত AS-01-AM-3609 নম্বৰৰ চাৰিচুকীয়া বাহনেৰে বিবাহ অনুষ্ঠানৰ পৰা দৰা-কইনা কঢ়িয়াই আহি থকা সময়তে AS-01-Y-3001 নম্বৰৰ বাইকখনৰ লগ মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী বিকুল ডেকা

নগাঁৱত শোঁকাৱহ পথ দুৰ্ঘটনা
নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা
আনহাতে, দুৰ্ঘটনাটোৰ ফলত আহত দৰা-কইনাদ্বয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷