অসম

assam

By

Published : Aug 2, 2019, 11:17 AM IST

ETV Bharat / state

ইউ পি এছ চিত উত্তীৰ্ণ হোৱাৰ সপোন দেখিব লাগে : শংকৰ ব্ৰত ৰায়মেধি

নগাওঁ জিলাৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানৰ সামৰণি সভাত আই পি এছ বিষয়া  শংকৰ ব্ৰত ৰায় মেধি উপস্থিত থাকে ৷ ৰায়ে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় ৷

ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সামৰণি অনুষ্ঠান



নগাঁও, 2 আগষ্টঃ নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়াৰ সামৰণি অনুষ্ঠান ৷ সামৰণি সভাত বঁটা বিতৰণ কৰে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৷

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান

অনুষ্ঠানৰ সামৰণি সভাত আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধি উপস্থিত থাকে ৷ ৰায়ে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় ৷ তাৰোপৰি ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন দেখিব লাগে বুলি মন্তব্য কৰে । ৰাজ্যখনৰ লগতে নগাঁৱৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে ৷ কনিষ্ঠ মহাবিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । আনহাতে কনিষ্ঠ মহাবিদ্যালয়খনে কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয় ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে অধ্যক্ষ দিলীপ বৰাই ৷

ABOUT THE AUTHOR

...view details