অসম

assam

ETV Bharat / state

Assam premiere club championship : কলিয়াবৰত আৰম্ভ হ’ল অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপ - অসম ক্ৰিকেট সন্থা

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ(Kaliabor sports association) সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ জিলা পৰ্যায়ৰ খেলসমূহ নাগশঙ্কৰস্থিত ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগ অনুষ্ঠিত হৈছে । কলিয়াবৰ ক্ৰিকেট সংন্থাই অসম ক্ৰিকেট সন্থাৰ(Kaliabor cricket association) অধীনত কলিয়াবৰৰ ১২টা শীৰ্ষ ক্লাৱৰ মাজত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ খেলসমূহ অনুষ্ঠিত কৰা হৈছে ।

Assam premiere club championship
কলিয়াবৰত আৰম্ভ হ’ল অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপ

By

Published : Dec 12, 2022, 11:00 PM IST

কলিয়াবৰ, 12 ডিচেম্বৰ: সোমবাৰৰ পৰা কলিয়াবৰত আৰম্ভ হ’ল অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপ (Assam premiere club championship) ৷ উল্লেখ্য যে, গ্ৰামাঞ্চলত লুকাই থকা ক্ৰিকেট প্ৰতিভা বিকাশৰ বাবে অসম ক্ৰিকেট সংন্থাই (Assam cricket association) আয়োজন কৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপৰ প্ৰথম পৰ্যায়ৰ খেলসমূহ আজিৰে পৰা অৰ্থাৎ সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ৷

অসম ক্ৰিকেট সন্থাৰ অধীনত থকা প্ৰত্যেকখন জিলাক এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অসম ক্ৰিকেট সন্থাই আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে ৷ কলিয়াবৰ প্ৰথম দিনা অনুষ্ঠিত হোৱা খেলত জয় লাভ কৰে নিউ ষ্টাৰ ক্লাৱে (New star club) । কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ (Kaliabor sports association) সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ জিলা পৰ্যায়ৰ খেলসমূহ নাগশংকৰস্থিত ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগনত অনুষ্ঠিত হৈছে ।

কলিয়াবৰ ক্ৰিকেট সংন্থাই অসম ক্ৰিকেট সন্থাৰ(Kaliabor cricket association) অধীনত কলিয়াবৰৰ ১২টা শীৰ্ষ ক্লাৱৰ মাজত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ খেলসমূহ অনুষ্ঠিত কৰা হৈছে । সোমবাৰে পুৱা ক্ৰিকেট সন্থাৰ দ্বাৰা আয়োজন কৰা প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ পঞ্চম সংস্কৰণৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে(Pabitra Kumar Das) ।

ইয়াৰ পূৰ্বে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা, কলিয়াবৰ ক্ৰিকেট সন্থাৰ লগতে যোগদান কৰা ক্লাৱসমূহৰ পতাকা উত্তোলন কৰে ক্ৰমে – জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞা, কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্ত আৰু দলসমূহৰ প্ৰতিনিধিবৰ্গই । অনুষ্ঠানত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত শইকীয়াৰ লগতে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিয়ে ক্ৰিকেট খেলুৱৈসকলক উৎসাহিত কৰা পৰিলক্ষিত হয় ।

সোমবাৰৰ উদ্বোধনী খেলত স্পৰ্টচ একাডেমী অৱ কলিয়াবৰক নিউ ষ্টাৰ ক্লাৱে পাঁচ উইকেটত পৰাস্ত কৰে। নিউ ষ্টাৰ ক্লাৱৰ হৈ আৰিফুল হকে ছটা উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে।

লগতে পঢ়ক:Migrated Bird Killed : তিনিচুকীয়াৰ মাগুৰি বিলত পৰিভ্ৰমী পক্ষীৰ হত্যাযজ্ঞ

ABOUT THE AUTHOR

...view details