নগাঁও, 20 ফেব্ৰুৱাৰী: নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা অসম প্ৰিমীয়াৰ লীগ ক্ৰিকেটত অভিলেখ গঢ়িলে অৰ্জুন কুমাৰ নামৰ এগৰাকী সু-দক্ষ খেলুৱৈয়ে । শুকুৰবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল খেল খনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ১১৬ টা বলত ২৫১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় উত্তৰ প্ৰদেশৰ খেলুৱৈ অৰ্জুন কুমাৰে ।
শুকুৰবাৰে নুৰুল আমিন ষ্টেডিয়ামত নগাঁও স্পৰ্টছ এচ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম প্ৰিমীয়াৰ লীগৰ ছেমি ফাইনেল খেল খনত অংশ গ্ৰহণ কৰে ষ্টাৰ স্পৰ্টিং আৰু ত্ৰিনয়ন গোষ্ঠীয়ে । ষ্টাৰ স্পৰ্টিং ক্লাৱৰ হৈ অৰ্জুন কুমাৰে মাত্ৰ ১১৬ বলত ২৫১ ৰান সংগ্ৰহ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় ।