নিউজ ডেস্ক, 28 ছেপ্টেম্বৰঃ এইবাৰ চোৰ ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নহয় ৷ অভিযান চলিল কৰ্দযময় পৰিৱেশৰ বিৰুদ্ধে ৷ প্ৰৱিত্ৰ মহালয়াৰ দিনাই কামপুৰ আৰক্ষীয়ে চলালে চাফাই অভিযান ৷ মহালয়া উপলক্ষে নগাওঁ জিলাৰ কামপুৰ থানাৰ আৰক্ষীয়ে থানা চৌহদৰ লগতে কামপুৰ নগৰ এলেকাত চলায় চাফাই অভিযান ৷ এই স্বচ্ছতা অভিযানত আৰক্ষীৰ লগত সহযোগ কৰে কামপুৰ পৌৰসভা আৰু গাওঁৰক্ষী বাহিনীয়ে ৷
ৰাজ্যব্যাপী আৰক্ষীৰ ‘স্বচ্ছতাই সেৱা’ অভিযান
উল্লেখযোগ্য যে,প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰা,ৰাজহুৱা স্থানত শৌচ প্ৰশ্ৰাৱ আৰু জাৱৰ জোথৰ নেপেলাবৰ বাবে ৰাইজক আহ্বান জনায় আৰক্ষীয়ে ৷ লগতে অহা দুই অক্টোবৰলৈ স্বচ্ছতাই সেৱা অভিযানো অব্যাহত ৰাখিব বুলি জানিব দিয়ে ৷ আৰক্ষীৰ এই প্ৰচেষ্টাক শলাগ লৈছে কামপুৰবাসীয়ে ৷
কামপুৰৰ সমান্তৰালকৈ কলগাছিয়াতো আৰক্ষীৰ স্বচ্ছতাই সেৱা অভিযান ৷ অসম আৰক্ষীয়ে ৰাজ্য ব্যাপী লোৱা ছাফাই অভিযানৰ অংশ হিচাপে কলগাছিয়াৰ উপ আৰক্ষী অধীক্ষক হেমেন দাসৰ উপস্থিতিত আৰক্ষীয়ে বাট পথ ছাফা কৰে ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে এখন পৰিস্কাৰ পৰিছন্ন আৰু প্ৰদূষণ মুক্ত পৃথিৱী গঢ়াৰ আহ্বান জনায় উদ্যোক্তাই ৷ আনহাতে,নলবাৰীতো আৰক্ষীৰ সৌজন্যত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ৷ চহৰখনৰ মাজমজিয়াৰ থানাচকত প্লাষ্টিক বৰ্জনৰ বাবে বাটৰ নাটৰে প্লাষ্টিক বন্ধ কৰাৰ আহ্বান জনায় নলবাৰী জিলা আৰক্ষীয়ে ৷ ২ অক্টোবৰৰ পৰা প্লাষ্টিক বৰ্জনৰ গণ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান আৰক্ষীৰ ৷
কলগাছিয়া আৰক্ষীৰ স্বচ্ছতা অভিযান
শিৱসাগৰতো ঝাড়ু লৈ ৰাজপথত নামিল শিৱসাগৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷ শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ পৰা আৰম্ভ হোৱা এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে জিলাখনৰ দুয়ো গৰাকী মুৰব্বীয়ে ৷ চাফাই অভিযানত অংশগ্ৰহণ কৰি প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু ডাষ্টবিন ব্যৱহাৰ কৰাৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে উপযুক্ত গৰাকীয়ে ৷ ইয়াৰ উপৰি পূজাৰ পেণ্ডেল সমূহতো ডাষ্টবিন ৰখাটো বাধ্যতামূলক বুলি উল্লেখ কৰি স্থানীয় পূজা সমিতিৰ বিষয়ববীয়া সকলক পেণ্ডেল সমূহ স্বচ্ছ আৰু নিকা কৰি ৰাখিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ৷ তদুপৰি তেখেতে সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে জিলাখনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা চলি থকা মাহজোৰা ৰাষ্ট্ৰীয় পোষণ মাহ সম্পৰ্কত সকলোকে সজাগ হ’বলৈ আহ্বান জনায় ৷ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আজিৰ এই অভিযানত আৰক্ষী বিভাগৰ বিষয়া-জোৱান আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ জোৱান সকলে অংশগ্ৰহণ কৰে ৷