অসম

assam

ETV Bharat / state

মিজো আৰক্ষীৰ গুলিত নিহত জোৱানলৈ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ - অসম মিজোৰাম সীমান্ত বাতৰি

অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিত মিজো আৰক্ষীৰ গুলিত নিহত হৈছিল অসম আৰক্ষীৰ 6 জনকৈ জোৱান ৷ চামগুৰি আৰক্ষী নিৱেশত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ সহযোগত বন্তি প্ৰজ্বলনৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি 6 আৰক্ষী শ্বহীদলৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ।

assam-police-pay-tributes-to-jawan-killed-in-indiscriminate-firing-by-mizo-police-etv-bharat-assam
শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

By

Published : Jul 30, 2021, 7:52 PM IST

চামগুৰি, 30 জুলাই : ইতিপূৰ্ৱে অসম-মিজোৰাম সীমান্তত সংঘটিত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীৰ নিৰ্বিচাৰ গুলি চালনাৰ ফলত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য খনত তোলপাৰ লগাইছে । সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক দল-সংগঠনে মিজোৰাম আৰক্ষীক গৰিহণা দিয়াৰ লগতে শ্বহীদ হোৱা 6 জনকৈ জোৱানক জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি । নগাঁও জিলাৰ চামগুৰি আৰক্ষী নিৱেশতো বৃহস্পতিবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) আঞ্চলিক সমিতিৰ সহযোগত বন্তি প্ৰজ্বলনৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি 6 আৰক্ষী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নিহত জোৱানলৈ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

6 শ্বহীদ আৰক্ষীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ বিপৰীতে তীব্ৰ গৰিহণা প্ৰদান কৰে বৰ্বৰ মিজোৰাম আৰক্ষীক । উল্লেখ্য যে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোতেই আছুৰ নেতৃবৃন্দই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ খনক শীঘ্ৰেই অসমৰ সৈতে চুবুৰীয়া একাধিক ৰাজ্যৰ মাজত অব্যাহত থকা সীমা বিবাদৰ শান্তিপূৰ্ণ সমাধান অথবা নিষ্পত্তি কৰিবৰ বাবে আহ্বান জনায় ৷

উল্লেখ্য যে, 29 জুলাইত কাছাৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু বিধায়ক কৌশিক ৰায় আৰু দীপায়ন চক্ৰৱৰ্তী ।

সীমান্তৱৰ্তী অঞ্চলটোত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰাণ গ'লেও অসমৰ এক ইঞ্চিও মাটি মিজোৰামক এৰি নিদিয়ে । লগতে তেওঁ স্থানীয় ৰাইজক শংকিত নহ'বলৈ আশ্বাস দি কয় যে, এতিয়া সীমান্তৱৰ্তী অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ৰাজদ্বীপ ৰয়ে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক এই ঘটনা সন্দৰ্ভত ক্ষেত্ৰভিত্তিক প্ৰতিবেদন দাখিল কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত তেওঁলোকে তাতে থাকিব বুলি জনায় কাছাৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:কাছাৰত পুনৰ অস্ত্ৰৰ ঝনঝননি

ABOUT THE AUTHOR

...view details