অসম

assam

ETV Bharat / state

বিষাক্ত পাৰ্থেনিয়াম গছে আগুৰি ধৰিছে ৰহা চহৰ - নগাঁও

জনস্বাস্থ্য তথা জীৱজগতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই পাৰ্থেনিয়ামৰ গছে । এই গছবোৰ ধ্বংস কৰিবলৈ ৰহা পৌৰসভা তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক স্থানীয় ৰাইজে বহু অনুৰোধ কৰাৰ পাছতো বিহিত ব্যৱস্থা ন'ললে কৰ্তৃপক্ষই ।

বিষাক্ত পাৰ্থেনিয়াম গছে আগুৰি ধৰিছে ৰহা চহৰ

By

Published : Jun 27, 2019, 9:49 AM IST

নগাঁও, ২৭ জুনঃ নগাঁৱৰ ৰহাত বিষাক্ত পাৰ্থেনিয়ামৰ গছেৰে ভৰি পৰিছে ৰাজপথ । নিৰ্বিকাৰ ৰহাৰ পৌৰ সভাৰ লগতে প্ৰশাসন ।

ৰহাৰ ৰাষ্ট্ৰীয় পথৰ চৌদিশে ভয়াৱহ ৰূপত গজি উঠা মাৰাত্মক পাৰ্থেনিয়ামৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো প্ৰশাসন তথা ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ গা নলৰিল । ফলত ডাঠ হাবিসদৃশ হৈ পৰিছে ৰহাৰ এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা । চকুমুদা কুলিৰ ভাও ধৰা প্ৰশাসনৰ গা নলৰাত অৱশেষত জনস্বাস্থলৈ ভাবুকি কঢ়িয়াই অনা এই বিষাক্ত পাৰ্থেনিয়ামৰ লগতে ৰাজপথৰ হাবি-জংঘল কাটিবলৈ আগবাঢ়ি আহিল ৰহাৰ সংবাদিক সন্থা, ব্যৱসায়ী সন্থা আৰু টেম্প' চালক সন্থা । বিগত পাঁচ দিন ধৰি হাজিৰা লগাই সাংবাদিক সন্থা, ব্যৱসায়ী সন্থা আৰু টেম্প' চালক সন্থাই নিকা কৰাই আছে ৰাষ্ট্ৰীয় পথচোৱা । প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বিপৰীতে ৰহাৰ সাংবাদিক সন্থা, ব্যৱসায়ী সন্থা, টেম্প' চালক সন্থাৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে ।

বিষাক্ত পাৰ্থেনিয়াম গছে আগুৰি ধৰিছে ৰহা চহৰ

লগতে আন এটা বাতৰি- বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details