চামগুৰি, 21 নৱেম্বৰ : নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখুলি-ৰংহাং গাঁৱৰ বিশাল ধননিত মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ বৃহৎ জাকে । কেৱল নিশাই নহয়, এতিয়া দিনদুপৰতে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ বিশাল ধাননিত মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ বৃহৎ জাকে ।
কিন্তু এই দৃশ্য দেখি আতংকিত হোৱা নাই স্থানীয় কৃষক ৰাইজ তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা (Wildlife activist Binod Dulu Bora)। কাৰণ দুলু বৰাৰ নেতৃত্বত তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত প্ৰকৃতিপ্ৰেমী সংগঠন ‘হাতীবন্ধু’ৰ(Hati Bondhu NGO) উদ্যোগত বিগত তিনি বছৰৰ দৰে চতুৰ্থ বৰ্ষতো বন্যহস্তীৰ জাকক খাদ্য যোগান ধৰিবৰ বাবে কাৰ্বি পাহাৰৰ হস্তিদণ্ডীত থকা হাতীখলি-ৰংহাং গাঁৱৰ পথাৰৰ প্ৰায় ২৫০ বিঘা মাটিত গাঁওবাসীৰ সহযোগত কৰা হৈছে ধানখেতি (Cultivating for wild elephant at Hatikhuli Ronghag)।
হাতীখলি-ৰংহাঙত এইবেলিও কৰা হৈছে হাতীৰ বাবে ধানখেতি বিগত দিনবোৰত নিশা হ'লেই ৰংহাংৰ পথাৰলৈ সোঁত বয় জাকে-জাকে বন্যহস্তী । কিন্তু এতিয়া দিনদুপৰতে ধাননি পথাৰখনত শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি স্বস্তিৰ নিঃশ্বাস পেলাইছে কৃষক ৰাইজৰ লগতে দুলু বৰায়েও । বিগত প্ৰায় সাত দিন ধৰি দিনে-নিশাই বন্যহস্তীৰ জাক কেইটাই উদৰ পুৰাই খাইছে ধান ।
যাৰ বাবে হাতীখলিৰ ৰাইজে ভৈয়ামৰ পথাৰত কৰা ধানখেতিলৈ নামি গৈ বন্যহস্তীৰ জাকে চলোৱা নাই উপদ্ৰৱ, কৃষক ৰাইজেও অনায়াসে কাটিছে ধান । অৱশ্যে আগন্তুক দুই সপ্তাহ পৰ্য্যন্ত ৰংহাঙৰ পথাৰখনত বন্যহস্তীৰ জাকক ব্যস্ত কৰি ৰখাৰ পৰিকল্পনা দুলু বৰাৰ । উল্লেখযোগ্য যে, হস্তী-মানৱৰ সংঘাত ৰোধৰ প্ৰচেষ্টা হাতত লোৱা ‘হাতীবন্ধু’ৰ এই অভিনৱ পৰিকল্পনাৰ সন্দৰ্ভত গৱেষণা আৰু তথ্য সংগ্ৰহৰ বাবে হাতীখলি-ৰংহাং পথাৰৰ দাঁতিত এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে যুৱ সমাজে ।
লগতে পঢ়ক :Elephants roam freely: হাৱাইপুৰত এজাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ