নগাঁও, 7 এ্ৰপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ কোনোৱে যদি নাচি-বাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে কোনোৱে আকৌ আনৰ দোষ খুচৰি নিজকে ধোৱা তুলসীৰ পাত সজাইছে ৷ মুঠতে জমি উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰ মাজতে নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ প্ৰচাৰে সকলোৰে চকু কঁপালত তুলিছে ৷
নিৰ্বাচনী প্ৰচাৰৰ পৰা সাৰি নগ’ল জগতগুৰু শংকৰদেৱ ! - ৰূপক শৰ্মা
নিৰ্বাচন আহিলেই নেতাই সকলো কৰিব পাৰে ৷ পিচে নেতাই কৰা কেতবোৰ কাৰ্যই আকৌ মৰ্মাহত কৰে একাংশক ৷ ঠিক তেনে দশাই হ’ল নগাঁৱত ৷ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপক শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে তৈয়াৰ এক গীতক লৈ ক্ষুব্ধ হৈ পৰিছে সচেতন মহল ৷ ৰূপক শৰ্মাই শংকৰদেৱৰ সৃষ্টিৰাজি আৰু গুৰুজনাক লৈ সৃষ্টি কৰা হৰিনামক পেৰডি কৰি নৰেন্দ্ৰ মোডীক শংকৰদেৱৰ লগত তুলনা কৰাৰ পাচতেই এতিয়া ক্ষোভত ফাঁটি পৰিছে জগতগুৰুৰ জন্মস্থান নগাঁৱৰ একাংশ লোক ৷
ৰূপক শৰ্মাই শংকৰদেৱৰ সৃষ্টিৰাজি আৰু গুৰুজনাক লৈ সৃষ্টি কৰা হৰিনামক পেৰডি কৰি নিজৰ ৰাজনৈতিক প্ৰচাৰ চলোৱাৰ পিচত একাংশই প্ৰাৰ্থীজনক ৰাজনৈতিক মুনাফাৰ বাবে গুৰুজনাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ আনহাতে জন্ম স্থানতে গুৰুজনাক অপমান কৰাৰ কাৰ্যক মানি ল’ব পৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাৰ লগতে সচেতন নাগৰিকে ৷ উল্লেখ্য যে, হৰিনামক পেৰডি কৰি গোৱা গীতত নৰেন্দ্ৰ মোডীক তুলনা কৰা হৈছে শংকৰ দেৱৰ লগত, যিটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ যি জন গুৰুৱে অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিলে সেইজন গুৰুক জন্ম স্থানতে অপমান কৰাটো কোনো কাৰণতে সহ্য নকৰে বুলি হুংকাৰ শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ লগতে সচেতন নাগৰিকৰ ৷ অনাগত দিনত নিজৰ মুনাফা আদায়ৰ বাবে কোনো ৰাজনৈতিক দলে যাতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ নিকৃষ্ট ৰাজনীতি নকৰে তাৰ বাবে সকিয়াই দিয়ে ভিন্ন জনে ৷