অসম

assam

ETV Bharat / state

বটদ্ৰৱাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি - বটদ্ৰবা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আধাৰশিলাৰ চমকেৰে পাৰ কৰিব লোকসভা নিৰ্বাচনৰ দেওনা

বটদ্ৰবাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণী

By

Published : Mar 7, 2019, 8:22 PM IST


নগাঁও, ৭ ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ আগে আগে পৰিবৰ্তনকামী চৰকাৰেও আৰম্ভ কৰিছে আধাৰশিলাৰ ৰাজনীতি। লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থাকোতে ৰাজ্যজুৰি এতিয়া উজান উঠিছে আধাৰশিলাৰ । এইবাৰ পিছে আধাৰশিলা নহয় নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণীৰ বাবে বৃহস্পতি বাৰে বটদ্ৰৱা সমষ্টিলৈ আহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰবা সমষ্টিৰ কঁপাহেৰা খেলপথাৰত কঁপাহেৰা ষ্টেডিয়াম আৰু ডুমডুমীয়া বালিসত্ৰ আবাসিক আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰ মঙ্গলিক শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই । লগতে উক্ত স্থানৰ পৰা প্ৰায় ২৫ কিলোমতাৰ নিলগৰ অন্য বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰো শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে । এই অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ ৰাইজৰ আগত আহ্বান জনাই । উক্ত অনুষ্ঠানত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে।

বটদ্ৰবাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণী

ABOUT THE AUTHOR

...view details