ৰূপহীহাট,13 মে’: পৱিত্ৰ ৰমজান মাহৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে অতি উলহ-মালহৰে ঈদ উদযাপন কৰি আহিছে ৷ সম্প্ৰতি আৰু ভাতৃত্ববোধৰ উৎসৱ হিচাপে পালন কৰা ঈদক লৈ বিগত বছৰটোত কোনো ধৰণৰ উৎসৱমুখৰ পৰিৱেশ হোৱা নাছিল আৰু এইবছৰো সেই একেই পৰিস্থিতি ৷ এইবাৰ কৰ’ণা মহামাৰীৰ ত্ৰাসৰ বাবে দেখা পোৱা নাযাব ঈদৰ উচাহ-উদ্দীপনা আৰু সমূহীয়া নামাজ ৷
ক’ভিড প্ৰট’কল মানি ঈদ উদযাপন কৰিবলৈ আহ্বান অসম মাৰ্কজ মছজিদ কৰ্তৃপক্ষৰ
ঈদ-উল-ফিতৰ সন্দৰ্ভত ৰূপহীস্থিত অসম মাৰ্কজ মছজিদৰ বিশেষ অনুৰোধ ৷ চৰকাৰে বান্ধি দিয়া প্ৰট’কল মানি ঈদ উদযাপন কৰিবলৈ ৰাইজলৈ অনুৰোধ জনোৱাৰ লগতে সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে অসম মাৰ্কজ মছজিদ কৰ্তৃপক্ষই ৷
ক’ভিড প্ৰট’কল মানি ঈদ উদযাপন কৰিবলৈ আহ্বান অসম মাৰ্কজ মছজিদ কৰ্তৃপক্ষৰ
পবিত্ৰ ঈদলৈ আৰু মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত কেন্দ্ৰীয় হিলাল কমিটিৰ পৰামৰ্শ অনুযায়ী ৰূপহীস্থিত অসম মাৰ্কজ মছজিদৰ ফালৰ পৰা সকলো ইছলামধৰ্মী লোকলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সংকটকালত চৰকাৰৰ নিৰ্দেশাৱলী মানি চলি ঈদ পালন কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক: ক'ভিডৰ কালৰূপ: চিকিৎসাধীন অৱস্থাতে ৫ দিনত অসমত মৃত্যু ৩১৯ জনৰ