অসম

assam

ETV Bharat / state

ছমাহে অসম্পূৰ্ণ কলিয়াবৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ - প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা

ছমাহতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বুঢ়াপাহাৰ চাহ বাগিছা হৈ নহৰু বস্তিলৈ মুঠ 1600 মিটাৰ দৈৰ্ঘৰ পথটো৷

ছমাহে অসম্পূৰ্ণ কলিয়াবৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ

By

Published : Apr 6, 2019, 6:03 AM IST


কলিয়াবৰ, 5 এপ্ৰিলঃ বাৰিষা প্ৰায় সমাগত, কিন্তু ছমাহতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ এটা পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বুঢ়াপাহাৰ চাহ বাগিছা হৈ নহৰু বস্তিলৈ মুঠ 1600 মিটাৰ দৈৰ্ঘৰ পথটো 90.59 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ ঠিকা লাভ কৰিছে মেচাৰ্চ এল. এ. এন্টাৰপ্ৰাইজে । ২০১৮ বৰ্ষৰ 5 অক্টোবৰত কাম আৰম্ভ কৰি পথ নিৰ্মাণ অৰ্দ্ধাংশও সম্পূৰ্ণ নকৰাত যমৰ যন্ত্ৰণা ভূগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ শ্ৰমিক ৰাইজ, ছাত্ৰ-ছাত্ৰী তথা ৰোগীয়ে।

ছমাহে অসম্পূৰ্ণ কলিয়াবৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ

কিন্তু বিগত ছটা মাহে ঠিকাদাৰী প্ৰতিষ্ঠানে পথটো সম্পূৰ্ণ নকৰাত এজাক বৰষুণতে যন্ত্ৰণাময় হৈ উঠিছে অঞ্চলটোৰ লোকৰ জনজীৱন । ফলত গড়কাপ্তানী বিভাগ আৰু প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ।

ABOUT THE AUTHOR

...view details