অসম

assam

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:06 PM IST

ETV Bharat / state

Khadi Board Retired Employees : অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কমৰ্চাৰীক প্ৰবঞ্চনাৰ অভিযোগ ৰাজ্য চৰকাৰৰ

ৰহাত অনুষ্ঠিত অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কমৰ্চাৰী সন্থাৰ এক সভা ৷ এই সভাৰ পৰাই ৰাজ্য চৰকাৰক অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কমৰ্চাৰীক পেন্সন দিবলৈ দাবী জনায় ৷

Assam Khadi Board Retired Employees meeting held at Raha
অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কমৰ্চাৰীক পেন্সন দিবলৈ দাবী

অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কমৰ্চাৰীক পেন্সন দিবলৈ দাবী

ৰহা, 9 অক্টোবৰ : ‘‘অসম খাদী আৰু কমৰ্চাৰী বৰ্ডৰ কৰ্মচাৰীক প্ৰতাৰণা কৰিছে ৰাজ্য চৰকাৰে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো কেৰেপ নকৰে অসম চৰকাৰে ।’’ এই অভিযোগ সদৌ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ ।

উল্লেখ্য যে, দেওবাৰে ৰহাত অনুষ্ঠিত কৰা হয় সদৌ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলা সমিতিৰ এক সভা ৷ এই সভাত অংশ লৈ সদৌ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সভাপতি কৃতি নাথে কেতবোৰ মন্তব্য প্ৰদান কৰে ৷

সংবাদ মাধ্যমৰ আগত কৃতি নাথে কয়, ‘‘গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ভাৰতৰ অন্যান্য ৰাজ্যৰ লেখীয়াকৈ অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ কৰ্মচাৰীসকলকো পেন্সন দিয়াৰ ব্যৱস্থা কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক অৱমাননা কৰিছে ৰাজ্য চৰকাৰে’’ ৷

সদৌ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয়, ‘‘গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি টনকিয়াল কৰি ঘৰুৱা উৎপাদনেৰে এক সমৃদ্ধিশালী ভাৰতীয় গ্ৰাম্য সমাজৰ সপোন দেখিছিল গান্ধীজীয়ে । সূতা কাটি নিজৰ বস্ত্ৰ নিজেই তৈয়াৰ কৰি লোৱা জাতিৰ পিতাৰ এই সপোনৰ ভেঁটিত জন্ম হৈছিল ৰাষ্ট্ৰীয় খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ । ঠিক একেদৰেই অসমতো জন্ম হৈছিল অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড’’ ।

তেওঁ আৰু কয়, ‘‘কালক্ৰমত গ্ৰাম্য সমাজক স্বনিৰ্ভৰশীল কৰাৰ এই সপোনৰ বোকোচাত উঠি একাংশ আমোলা আৰু ৰাজনৈতিক নেতাই উক্ত বৰ্ডক কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱন্টিত ন্যস্ত স্বাৰ্থ পূৰণৰ খনি ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে ৷ যাৰ পৰিণতিতেই দেশৰ বিভিন্ন স্থানত খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড পৰৱৰ্তী সময়ত প্ৰহসন স্বৰূপ হৈ পৰিল । এই ক্ষেত্ৰত অসমৰ স্থান যেন সকলোৰে ওপৰত’’ ।

কৃতি নাথে কয়, ‘‘অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ প্ৰায় 900 কৰ্মচাৰীয়ে আজি পৰ্যন্ত পেন্সন লাভ কৰা নাই’’ । সেয়ে উপায়ন্তৰ হৈ ভাৰতৰ অন্য ৰাজ্যসমূহৰ সমান্তৰালভাৱে অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো‌ এই সভাৰ পৰাই পেন্সন প্ৰদানৰ দাবী জনাইছে খাদী গ্ৰামোদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক :Assam youths attacked by Naga miscreant: চৰাইদেউৰ কাণু চাহ বাগিচাত নগা দুৰ্বৃত্তৰ গুলীত আহত দুই শ্ৰমিক

ABOUT THE AUTHOR

...view details