কলিয়াবৰ, 14 এপ্ৰিলঃ অসমীয়াৰ অস্তিত্বৰ উমান দিবলৈ পুনৰ অসমীয়াৰ চোতাল পালেহি ৰঙালী বিহু । বিহু গীতৰ মাজেৰে অসমবাসীক বিহুৰ ওলগ জনায় কলিয়াবৰত ৰঙালী বিহুৰ বতৰত অতীতক সোঁৱৰি স্মৃতিকাতৰ হৈ পৰে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ জগন্নাথ মহন্ত । 1987 চনত ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তিৰ আধাৰত হোৱা সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাবে কলিয়াবৰ বিহু দলৰ নেতৃত্বত যোৱা জগন্নাথ মহন্তই ৰোমন্থন কৰে ৰাছিয়া যাত্ৰাৰ মধুময় স্মৃতি ।
শিল্পী জগন্নাথ মহন্ত আৰু চয়নিকা কাশ্যপৰ বিহুৰ ওলগ - কলিয়াবৰ
ই টিভিৰ জৰিয়তে ৰাজ্যবাসীলৈ বিহুৰ ওলগ জনালে দুই প্ৰজন্মৰ দুগৰাকী শিল্পীয়ে
অসমবাসীলৈ বিহুৰ ওলগ
আনহাতে, সুৰীয়া কণ্ঠৰে বিহু গীত গুণগুণাই ই টিভি ভাৰতৰ দৰ্শকলৈ বিহুৰ ওলগ জনাই অভিনেত্ৰী চয়নিকা কাশ্যপে । ৰঙালীৰ বতৰত সকলো অসমীয়াৰে মন-প্ৰাণ ৰঙেৰে উপচি পৰক তাৰে কামনা কৰে দুটা প্ৰজন্মৰ দুয়োগৰাকী শিল্পীয়ে ।