অসম

assam

ETV Bharat / state

জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি

উল্লেখ্য যে নগাঁও-জুৰীয়া সংযোগী সোনাই চাইদৰীয়া গড়কাপ্তানি পথটোৰ অচলাৱস্থাৰ উপৰিও অঞ্চলটোত থকা জৰাজীৰ্ণ কাঠৰ দলং খনেৰে বিপদ সংকুলভাবে বছৰ বছৰ ধৰি ৰাইজে যাতায়ত কৰি আহিছে ৷ জানিব পৰা মতে চৰকাৰে দলংখন পকীকৰণৰ বাবে ১কোটি ২৫লাখ টকাৰ আৱণ্টন দিয়ে যদিও পাঁচ মাহে ঠিকাদাৰ আৰু নাহাটা কনষ্ট্ৰাকচন কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন৷

জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি

By

Published : May 10, 2019, 5:47 PM IST

জুৰীয়া, 10মেঃ নগাঁও জিলা গড়কাপ্তানি বিভাগৰ চৰম দায়িত্বহীনতাৰ ফলত বৰ্তমান জুৰিয়াৰ পথত পুখুৰী সদৃশ গাত৷ কুম্ভকৰ্ণ নিদ্ৰাত থকা গড়কাপ্তানি বিভাগ সেয়ে দগাঁও, সুতিৰপাৰ,বালুচৰৰ শতাধিক গাঁৱৰ ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে । ৰাইজৰ কথা চিন্তা কৰিবলৈ আহৰি নাই বিভাগটোৰ৷ ফলত পুখুৰী সদৃশ গাতটোৰে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে৷

জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি

উল্লেখ্য যে নগাঁও-জুৰীয়া সংযোগী সোনাই চাইদৰীয়া গড়কাপ্তানি পথটোৰ অচলাৱস্থাৰ উপৰিও অঞ্চলটোত থকা জৰাজীৰ্ণ কাঠৰ দলং খনেৰে বিপদ সংকুলভাবে বছৰ বছৰ ধৰি ৰাইজে যাতায়ত কৰি আহিছে৷ জানিব পৰা মতে চৰকাৰে দলংখন পকীকৰণৰ বাবে ১কোটি ২৫লাখ টকাৰ আৱণ্টন দিয়ে যদিও পাঁচ মাহে ঠিকাদাৰ আৰু নাহাটা কনষ্ট্ৰাকচন কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন৷ ঠিকাদাৰ আৰু নাহাটা কনষ্ট্ৰাকচন কোম্পানীৰ কামৰ নমুনা, বৰ্তমানেও এখন বাহঁৰ সাঁকোৰে যাতায়ত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে৷

আনহাতে নগাঁও সদৰ সমষ্টি আৰু ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সীমাত থকা এই দলংখনৰ নিৰ্মাণৰ অতি লেহেমীয়া গতিৰ সুবিধা লৈছে একাংশ টেম্প চালকে। নগাঁৱৰ পৰা জুৰীয়ালৈ আহিবলৈ এগৰাকী যাত্ৰীয়ে ব্যয় কৰিব লাগে ৩৫ টকা৷ ইয়াৰোপৰি সুতিৰপাৰ , বালুচৰৰ লোক সকলে ভৰিব লাগে ৩৫+১৫=৫০ টকা ৷ টেম্প চালকৰ এনে দৌৰাত্ম অব্যাহত থকাৰ পিচতো ৰহস্যজনক ভাবে মৌন হৈ আছে প্ৰশাসন।

ABOUT THE AUTHOR

...view details