অসম

assam

ETV Bharat / state

জুৰীয়াত যৌতুকৰ বাবে নৃশংস হত্যা বোৱাৰীক

জুৰীয়া কদমণি পথাৰ গাঁৱৰ ৰেজিয়া খাতুনে এবছৰ পূৰ্বেই বিয়া হৈছিল নিজ জুৰীয়াৰ ৰুকুন উদ্দিনৰ সৈতে । কিন্তু বিবাহৰ এবছৰ নহওতেই ৰেজিয়াৰ স্বামী ৰুকুন উদ্দিনে যৌতুকৰ নামত শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ ৰেজিয়াৰ পৰিয়ালৰ । যৌতুক নোপোৱাৰ বাবেই নৃশংসভাৱে মৰিয়াই মৰিয়াই পত্নী ৰেজিয়া খাতুনক হত্য়া কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰেজিয়াৰ পৰিয়ালে ।

By

Published : Jun 29, 2019, 9:40 PM IST

জুৰীয়াত যৌতুকৰ বাবে নৃশংস হত্যা বোৱাৰীক


নগাঁও, ২৯ জুনঃ নগাঁৱৰ জুৰীয়াত স্বামীয়ে হত্যা কৰিলে পত্নীক । যৌতুক নোপোৱাৰ বাবেই মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে পত্নীক ।

জুৰীয়াত যৌতুকৰ বাবে নৃশংস হত্যা বোৱাৰীক

জুৰীয়াত যৌতুকৰ বাবেই সংঘটিত হ'ল এক জঘন্য ঘটনা । জুৰীয়া কদমণি পথাৰ গাঁৱৰ ৰেজিয়া খাতুনে এবছৰ পূৰ্বেই বিয়া হৈছিল নিজ জুৰীয়াৰ ৰুকুন উদ্দিনৰ সৈতে । উল্লেখ্য যে, পিতৃ মাতৃ নথকা দৰিদ্ৰ ৰেজিয়া খাতুনৰ পৰিয়ালক ৰুকুন উদ্দিনে এক লাখ টকা যৌতুক বিচাৰিছিল ।কিন্তু ৰেজিয়াৰ পৰিয়ালে ৰুকুন উদ্দিনে দাবী কৰা যৌতুক দিব নোৱাৰাৰ বাবেই ৰেজিয়া খাতুনক প্ৰহাৰ কৰে । ৰেকুন উদ্দিনৰ আঘাতত মৃত্যু বৰণ কৰিব লগীয়া হ'ল ৰেজিয়া খাতুনে । এই খবৰ পৰিয়ালৰ লোকে অৱগত হোৱাত ৰেজিয়াক স্বামী ৰুকুন উদ্দিনে হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ।

ইতিমধ্যে ৰেজিয়াৰ মৃত্যুৰ সন্দৰ্ভত পৰিয়ালে স্বামী ৰুকুন উদ্দিনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ৰুজু কৰিছে এটা গোচৰ । অতি শীঘ্ৰে ৰেজিয়াৰ হত্যাকাৰীক আটক কৰি উপযুক্ত শাস্তিৰ দাবী কৰিছে পৰিয়ালে ।

লগতে আন এটা বাতৰি - চিকিৎসাধীন বৃদ্ধ ৰোগী উদ্ধাৰ নলাত !

ABOUT THE AUTHOR

...view details