অসম

assam

ETV Bharat / state

কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ ক’ভিড পৰ্যালোচনা বৈঠক

নগাঁৱৰ চাহ বাগিচা অঞ্চলত ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আয়োজন কৰে এখন জৰুৰী পৰ্যালোচনা বৈঠক ৷ নগাঁও জিলাৰ স্বাস্থ‍্য বিভাগ, প্ৰশাসন, আৰক্ষী প্ৰশাসন, জনস্বাস্থ‍্য কাৰিকৰী, শ্ৰম বিভাগ আদিৰ বিষয়াসকলৰ লগতে বিভিন্ন দল সংগঠন উপস্থিত থাকে এই বৈঠকখনত ৷

Keshab Mahanta on Covid Situation at Kaliabor
কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ ক’ভিড পৰ্যালোচনা বৈঠক

By

Published : May 30, 2021, 10:20 AM IST

কলিয়াবৰ,30 মে’:নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাত শনিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সঞ্চালনত অনুষ্ঠিত হয় এক জৰুৰী পৰ্যালোচনা বৈঠক । নগাঁও জিলাৰ চাহ বাগিচাসমূহৰ পৰিচালক তথা সহযোগীসকলৰ লগতে চাহ জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰা বিভিন্ন দল-সংগঠনৰ সৈতে মিছা প'ল ক্লাবত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ক’ভিড কেয়াৰ কেন্দ্ৰসমূহৰ অভাৱ অভিযোগৰ লগতে পৰ্যাপ্ত ভেকচিনৰ ব্যৱস্থা আৰু ক’ভিড সম্পৰ্কীয় বিভিন্ন সমস্যাসমূহৰ বুজ লয় ৷

কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ ক’ভিড পৰ্যালোচনা বৈঠক

আনহাতে, বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা মুখামুখিত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনায় যে, চাহ বাগিচালৈ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ ৰাজ‍্য চৰকাৰ সাজু আছে ৷ ইয়াৰ লগতে স্বাস্থ‍্য বিভাগ চাহ শ্ৰমিকৰ সুবিধাৰ বাবে শীঘ্ৰে বিশেষকৈ চাহ বাগিচাৰ বাবে এখন নতুন নিৰ্দেশনা জাৰি কৰিব ৷ উল্লেখ্য যে, এইপৰ্যন্ত জিলাখনৰ ২৩ খন চাহ বাগিচাত ৫০১ জন চাহ শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈছে আৰু ইতিমধ্য এজন চাহ শ্ৰমিকৰ মৃত‍্যু হৈছে ৷

ইফালে শিশুসকলৰ ক’ভিড সংক্ৰমণৰ বাবে আগতীয়া ব‍্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰত‍্যেকখন জিলা চিকিৎসালয়ত শিশুসকলৰ বাবে আই চি ইউ স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:সৰুপথাৰত উদ্ধাৰ হোৱা অসুস্থ কিশোৰীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

ABOUT THE AUTHOR

...view details