অসম

assam

ETV Bharat / state

অবৈধ কয়লা খননৰ বিৰুদ্ধে অসম গণ মঞ্চৰ হুংকাৰ - দিহিং পাটকাই বনাঞ্চল

অসমৰ বৰ্ষাৰণ্য দিহিং পাটকাই বনাঞ্চলত কয়লা খননৰ সিদ্ধান্তক ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই সন্দৰ্ভত মন্তব্য কৰিছে অসম গণ মঞ্চৰ সভাপতি শ্ৰীমন্ত কুমাৰ দত্তই। অবৈধ কয়লা খননক বৈধ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰে সভাপতি গৰাকীয়ে ।

ETV BHARAT
অবৈধ কয়লা খননৰ বিৰুদ্ধে অসম গণ মঞ্চৰ হুমকা

By

Published : May 22, 2020, 8:03 PM IST

নগাঁও,22 মেঃদিহিং পাটকাই বনাঞ্চলত কয়লা খননৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে অসম গণ মঞ্চ ৷ অতিশীঘ্ৰে বনাঞ্চল খনত কয়লা খনন বন্ধ কৰিবলৈ দাবী তুলিছে সংগঠনটোৰ সভাপতি শ্ৰীমন্ত কুমাৰ দত্তই ৷ তাৰোপৰি কাৰাবন্দী কৃষক নেতা অখিল গগৈকো বিনাচৰ্তে মুক্তিৰ দাবী কৰিছে সভাপতি গৰাকীয়ে।

অবৈধ কয়লা খননৰ বিৰুদ্ধে অসম গণ মঞ্চৰ হুমকা

ইতিমধ্যে দিহিং পাটকাই বনাঞ্চলৰ কয়লা খননৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ সময়তেই পুনৰ সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে অসম গণ মঞ্চ ৷ সংগঠনটোৰ সভাপতি শ্ৰীমন্ত কুমাৰ দত্তই দিহিং পাটকাই বনাঞ্চলত অবৈধ কয়লা খনন বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় । সংবাদ মাধ্যমৰ সন্মুখত দিহিং পাটকাই বনাঞ্চলত পূৰ্বৰ পৰাই চলাই থকা অবৈধ কয়লা খননক বৈধ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰে । বনাঞ্চল খনত যাতে কোনো লোকেই কয়লা খনন কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায় ৰাজ্য চৰকাৰক। ইপিনে বহিঃৰাজ্যৰ পৰা উভতি অহা অসমৰ শ্ৰমিক সকলক যাতে কোনোৱে বোজা হিচাপে গণ্য নকৰে তাৰ বাবেও উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় সভাপতি শ্ৰীমন্ত কুমাৰ দত্তই। আনহাতে কা বিৰোধী আন্দোলনত জড়িত হৈ কাৰাবন্দী হৈ থকা কৃষক নেতা গগৈসহ আটাইকেইজন সদস্যক মুকলি কৰি দলিবলৈও দাবী উত্থাপন কৰে দত্তই ।

লগতে পঢ়ক-দিহিং পাটকাইত মুক্ত কয়লা খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details