নগাঁও, 1 ডিচেম্বৰ: বাৰ্ষিক থানা পৰিদৰ্শন কাৰ্যসূচী হাতত লৈ শুকুৰবাৰে নগাঁৱত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং ৷ মধ্য অসমৰ আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীৰ সৈতে নগাঁৱত থানা আৰু আৰক্ষীৰ নিবেশ পৰিদৰ্শন কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ৷ পৰিদৰ্শন কালত নিবেশসমূহত খোৱা পানী, শৌচাগাৰ আদিৰ কিছু সমস্যা থকা বুলি আৰক্ষী সঞ্চালক প্ৰধানক জ্ঞাত কৰে আৰক্ষীসকলে ৷ এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷
সাংবাদিকৰ আগত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ বহু চৰ্চিত অসম লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জিপি সিঙে কয় যে দুটা পৰ্যায়ত তদন্ত হৈ আছে ৷ ন্যায়িক তদন্ত আৰু বিভাগীয় তদন্ত দুয়োটাই সমানে চলি আছে ৷ দোষী প্ৰমাণিত হ’লে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এ পি এছ চি কেলেংকাৰীত জড়িত কাকো ৰেহাই দিয়া নহ’ব বুলি দৃঢ়তা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷