অসম

assam

ETV Bharat / state

তীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ - শ্ৰীশ্ৰীনৃসিংহ দেৱালয়

কলিয়াবৰৰ ঐতিহাসিক ধৰ্মীয় স্থলসমূহৰ ভিতৰত জখলাবন্ধা স্থিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ো এই আঁচনিখনৰ অন্তৰ্ভূক্ত কৰা হৈছে । শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত বনমালীদেৱৰ তত্বাৱধানত ১৬৮৬ শকত এই দেৱালয়খন প্ৰতিষ্ঠা কৰা হয় । ঐতিহ্যপূৰ্ণ এই সত্ৰখনত নৃসিংহ আৰু বাসুদেৱ দুয়োভাগ মুৰ্তি প্ৰতিষ্ঠা কৰা আছে । ।ইতিমধ‍‍্যে অসম দৰ্শন আঁচনিত স্থান লাভ কৰা শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সৌন্দৰ্য বৰ্দ্ধনৰ সম্পূৰ্ণ হৈছে । নিৰ্মাণ সম্পূৰ্ণ হৈছে সুদৃশ‍্য তোৰণ, ৩৭ নং ৰাষ্ট্ৰীয় পথ সংলগ্ন গড়কাপ্তানী পথ, জিৰণী গৃহ ।

Assam Darshan Sceme at Shree Nrisingha Devalaya
অসমৰ অন্যতম তীৰ্থস্থান শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ কথাৰে!

By

Published : May 23, 2020, 9:22 PM IST

Updated : May 24, 2020, 9:36 AM IST

কলিয়াবৰ,23 মেঃঅসমৰ বুকুৰ ঐতিহাসিক ধৰ্মীয় সমলসমূহ আকৰ্ষণীয় কৰি তোলাৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি ‘অসম দৰ্শন’ হাতত লৈছে ৷ আঁচনিখনৰ অধীনত ৰাজ্যৰ ৯১৫ খন তীৰ্থস্থান, দেৱালয়, উপাসনাস্থলী আৰু পৰ্যটনক্ষেত্ৰ সামৰি লোৱা হৈছে । ধৰ্মীয় ক্ষেত্ৰলৈ ১০ লাখ টকাৰ অনুদান অসম চৰকাৰে প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও ১৬০ খন বিভিন্ন ধৰ্মাৱলম্বীৰ তীৰ্থক্ষেত্ৰলৈ ২ লাখ টকাৰ লগতে বাৰ্ষিক আৰ্থিক সাহায্য প্ৰদানৰ উপৰিও আন্তঃগাঁথনি উন্নয়নৰ বাবে তালিকাভুক্ত তীৰ্থস্থানলৈ প্ৰাৰম্ভিক কিস্তিত ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে । ধৰ্মানুষ্ঠান সমূহৰ লগত সংলগ্ন বাট-পথৰ উন্নয়নৰ বাবে সৰ্বমুঠ ৬১৪.৪৫ কোটি টকা আবণ্টন দিয়া হৈছে ।

অসমৰ অন্যতম তীৰ্থস্থান শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ কথাৰে!

সমান্তৰালকৈ কলিয়াবৰৰ ঐতিহাসিক ধৰ্মীয় স্থলসমূহৰ ভিতৰত জখলাবন্ধা স্থিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ো এই আঁচনিখনৰ অন্তৰ্ভূক্ত কৰা হৈছে । শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত বনমালীদেৱৰ তত্বাৱধানত ১৬৮৬ শকত এই দেৱালয়খন প্ৰতিষ্ঠা কৰা হয় । ঐতিহ্যপূৰ্ণ এই সত্ৰখনত নৃসিংহ আৰু বাসুদেৱ দুয়োভাগ মুৰ্তি প্ৰতিষ্ঠা কৰা আছে । ।ইতিমধ‍‍্যে অসম দৰ্শন আঁচনিত স্থান লাভ কৰা শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সৌন্দৰ্য বৰ্দ্ধনৰ সম্পূৰ্ণ হৈছে । নিৰ্মাণ সম্পূৰ্ণ হৈছে সুদৃশ‍্য তোৰণ, ৩৭ নং ৰাষ্ট্ৰীয় পথ সংলগ্ন গড়কাপ্তানী পথ, জিৰণী গৃহ ।

কলিয়াবৰৰ অন‍্যতম উপাসনাস্থলী শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ে বৰ্তমানৰ এই নৱৰূপেৰে ভক্তবৃন্দ তথা পৰ্য‍্যটকক আকৰ্ষণ কৰিবলৈ সাজু হৈ উঠিছে। কলিয়াবৰৰ প্ৰতিজনৰ আশা, কৰ'ণা সংকটৰ এই জটিল সময় দূৰ হ'লেই দেৱালয়খনত পুণৰ সমগম হ'ব ভক্ত আৰু পৰ্য‍্যটকৰ ।

লগতে পঢ়ক- কৰ'ণাৰ সজাগতাৰ বাবে ধুবুৰী জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ

Last Updated : May 24, 2020, 9:36 AM IST

ABOUT THE AUTHOR

...view details