কলিয়াবৰ,15 জানুৱাৰী: ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যবাসীৰ বাবে এক সু-খবৰ ৷ 49 কোটি টকাৰ ব্যয় সাপেক্ষ কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট ৷ মাঘৰ 1 তাৰিখে পুৱাই অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ প্ৰস্তুতিৰ শুভাৰম্ভণি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ শুকুৰবাৰে পুৱাই বন্ধ হৈ থকা কলিয়াবৰৰ বিহডুবি পলিষ্টাৰ কল চৌহদত উপস্থিত হৈ নতুন গোটটোৰ প্ৰস্তুতি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় 22 বিঘা ভূমিত নতুনকৈ স্থাপন হ'ব নতুন গোটৰ মৰাপাট কলটো ৷ এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই ৷
শীঘ্ৰেই মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট - Assam Cooperative Jute Mill 2nd Unit will start soon
49 কোটি টকাৰ ব্যয় সাপেক্ষ কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট ৷ মাঘৰ 1 তাৰিখে পুৱাই অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ প্ৰস্তুতিৰ শুভাৰম্ভণি কৰি এই কথা জনালে মন্ত্ৰী কেশৱ মহন্তই ৷
![শীঘ্ৰেই মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট assam-cooperative-jute-mill-2nd-unit-will-start-soon-keshab-mahanta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10250569-201-10250569-1610709686414.jpg)
আগন্তুক 3 মাহৰ ভিতৰত মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট
আগন্তুক 3 মাহৰ ভিতৰত মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট
উল্লেখ্য যে,এই মাঘ মাহতে পঞ্চাশ বছৰত ভৰি দিয়া অসম সমবায় মৰাপাট কল শিলঘাটে,ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰৰ পৰা লাভ কৰা ৰাজ সাহাৰ্যযুক্ত ঋণ,কলটোৰ পৰা লাভ কৰা 9 কোটি টকা লাভাংশ আৰু আন উৎসৰ পৰা সংগৃহিত ধনেৰে নিৰ্মাণ হ'ব নতুন মৰাপাট কলটো ৷ আগন্তুক 3 মাহৰ ভিতৰত নতুন মৰাপাট কলটো সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ কলটো সম্পূৰ্ণ হৈ উঠিলে বহু নিবনুৱা যুৱকে কৰ্মসংস্থাপন লাভ কৰাৰ বাট মুকলি হ'ব বুলি জনাইছে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃউজনিৰ 7 খন জিলাৰ বাবে ডিব্ৰুগড় পালেহি ক'ভিচিল্ড ভেকচিন