নগাঁও, 27 জানুৱাৰী: এক অনিশ্চিত ভৱিষ্যতক লৈ শংকিত ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষক ৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ ড৹ বাণীকান্ত কম্পিউটাৰ শিক্ষক সন্থাৰ ৷ বিজেপিৰ ভিজন ডকুমেণ্টৰ আন এক মিথ্যাচাৰ উদঙালে ড৹ বাণীকান্ত কম্পিউটাৰ শিক্ষক সন্থাই ৷
উল্লেখ্য যে, ঠিকাভিত্তিত নিয়োজিত হৈ কেইবাবছৰ ধৰি ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকে ৷ সময়ে সময়ে চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধিৰ দাবীত ধৰ্ণা, প্ৰতিবাদৰ লগতে চৰকাৰলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰি আহিছে এই কম্পিউটাৰ শিক্ষকসকলে ৷ নানা প্ৰতিশ্ৰুতিৰে নিজৰ পাঁচবছৰীয়া শাসনকাল অতিক্ৰম কৰিলে শাসকীয় বিজেপি চৰকাৰখনে ৷ শিক্ষকসকলে নিজৰ সমস্যা সন্দৰ্ভত শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষৎ কৰিলেই সকলো সমস্যা সমাধান কৰাৰ সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে৷ কিন্তু আজিকোপতি এইসকল শিক্ষকে লাভ নকৰিলে কোনো সুফল ৷