অসম

assam

ETV Bharat / state

Assam Congress: অসম কংগ্ৰেছত এতিয়াও আছে ঘৰশত্ৰু বিভীষণ; তৎ হেৰাইছে দলীয় নেতৃত্বৰ

ঘৰশত্ৰু বিভীষণে এতিয়াও দপদপাই আছে অসম কংগ্ৰেছত ৷ যাক লৈ ভীষণ চিন্তাত পৰিছে দলীয় নেতৃত্ব ৷ দলৰ বিধায়ক দলবিৰোধী কাৰ্যত নিমজ্জিত হোৱাৰ বাতৰি পাই তৎ হেৰাইছে কাৰ্যকৰী সভাপতিৰ ৷

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:33 PM IST

Internal conflict in Assam Congress
নগাঁৱত ৰাণা গোস্বামীৰ বিস্ফোৰক মন্তব্য

নগাঁৱত ৰাণা গোস্বামীৰ বিস্ফোৰক মন্তব্য

নগাঁও, 6 অক্টোবৰ: ’24ৰ লোকসভা নিৰ্বাচনৰ দিন নিচেই কাষত যদিও এতিয়াও অন্তঃকন্দলৰ অৱসান ঘটা নাই অসম কংগ্ৰেছত ৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচনত দলটোৰ কেইবাজনো বিধায়কে শাসকীয় পক্ষক সহায় কৰাৰ খবৰ ওলোৱা পাছত আগন্তুক লোকসভা নিৰ্বাচনতো যেন তেনে হোৱাৰ অৱকাশ আছে ৷ এই কথা স্পষ্ট হৈছে খোদ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ মন্তব্যত ৷ দলৰ ভিতৰতে থাকি দলবিৰোধী কাৰ্যত জড়িত হোৱা বিধায়কৰ কৰ্মকাণ্ডক লৈ শংকিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি ৰাণা গোস্বামী ৷ দলৰ বিধায়কে দলবিৰোধী কাৰ্য কৰাৰ খবৰ পোৱাৰ লগে লগে উজনি ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি হঠাতে গুৱাহাটীমুখী হ’ল কাৰ্যকৰী সভাপতিগৰাকী ৷ নিজৰ ওচৰত থকা তথ্য ফোনযোগে দিলে সভাপতি ভূপেন বৰাক, মেইল কৰি জনালে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক ৷

শুকুৰবাৰে নগাঁৱত বিস্ফোৰণ ঘটালে কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে৷ নগাঁৱত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী কংগ্ৰেছ দলত থাকি বিজেপিক সহায় কৰা নেতাৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল৷ সংবাদ মাধ্যমৰ সন্মুখত গোস্বামীয়ে কয় যে বিৰোধী ঐক্যমঞ্চৰ বাহিৰৰ কাৰ্যসূচীত কংগ্ৰেছ দলৰ বিধায়কে অংশগ্ৰহণ কৰাৰ খবৰ লাভ কৰা গৈছে ৷ এই কাৰ্যত ৰাণা গোস্বামীয়ে দুখ পোৱা বুলিও জানিবলৈ দিয়ে ৷ সেয়েহে কংগ্ৰেছত দুই তাল মৰা নেতা নালাগে বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে৷ ইয়াৰোপৰি দলবিৰোধী কাৰ্যকলাপত জড়িত বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷

তেওঁ কয় যে ভূপেন বৰাক তেওঁ পুৱা দলবিৰোধী কাৰ্যত জড়িত বিধায়কৰ বিষয়ে অৱগত কৰিছে ৷ জীতেন্দ্ৰ সিঙলৈও মেইলযোগে চিঠি পঠিওৱাৰ কথা সদৰী কৰে ৰাণা গোস্বামীয়ে ৷ অমৃত কলহ যাত্ৰাত বিধায়কৰ অংশগ্ৰহণক লৈ দলীয় সমৰ্থক অসন্তুষ্ট হোৱাৰ কথাও ব্যক্ত কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ আনহাতে অহা ১১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিত এইসমূহ কথা উত্থাপন কৰাৰ বাবেও ভূপেন বৰাক পৰামৰ্শ দিছে ৰাণা গোস্বামীয়ে ৷ আনকি নিজেও বিষয়টো উত্থাপন কৰিব বুলি মন্তব্য সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা ৰাণা গোস্বামীয়ে ।

উল্লেখ্য যে, দুই দলৰ সৈতে সম্পৰ্ক থকা নেতাক একপ্ৰকাৰৰ সকীয়নী দিলে ৰাণা গোস্বামীয়ে ৷ তেওঁ কয়- ‘‘হয় ইছ পাৰ ন'হলে ওচ পাৰ ৷’’ দুই তাল মাৰিব নালাগে বুলি মন্তব্য কৰি ৰাণা গোস্বামীয়ে কয় যে ৰাহুল গান্ধীৰ ওপৰত তেওঁৰ বিশ্বাস আছে ৷ আনহাতে দলত্যাগৰ সম্পৰ্কত সোধা প্ৰশ্নোত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়- "মই দলত্যাগ কৰাৰ কথাই নাহে"।

লগতে পঢ়ক:Congress Protest: ৰাহুল গান্ধী ৰাৱণ ! সজালে বিজেপিয়ে; ক্ষুব্ধ কংগ্ৰেছীয়ে প্ৰতিবাদেৰে কঁপালে গুৱাহাটী

ABOUT THE AUTHOR

...view details