নগাঁও, 13 মে’ :বুঢ়া চাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমিত বিগত ফেব্ৰুৱাৰী মাহত উচ্ছেদ চলোৱাৰ পিচত প্ৰথমবাৰৰ বাবে উচ্ছেদিত ভূমিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited Burachapori Wildlife Sanctuary)। শনিবাৰে হেলিকপ্টাৰ লৈ বুঢ়া চাপৰি অভয়াৰণ্যৰ বেদখলমুক্ত ভূমিত উপস্থিত হৈ বন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সৈতে আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
বিগত ফেব্ৰুৱাৰী মাহত বুঢ়াচাপৰি অভয়াৰণ্যৰ 16 হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ কথা উল্লেখ কৰি এতিয়া বুঢ়াচাপৰি অভয়াৰণ্য কিদৰে সেউজ কৰি অভয়াৰণ্যখনৰ পূৰ্বৰ গৰিমা ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বুঢ়াচাপৰি অভয়াৰণ্যখন পূৰ্বৰ দৰেই সেউজ কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে বুঢ়াচাপৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত জীৱ জন্তু অহা যোৱা বাট মুকলি কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক :Karnataka results 2023 : নৱনিৰ্বাচিত বিধায়কক সুৰক্ষা দিবলৈ বিকল্প পৰিকল্পনা কংগ্ৰেছৰ