চামগুৰি, 16 জানুৱাৰী : দিনযোৰা কাৰ্যসূচীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে পুৱা উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত । পুৱাই মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্মীয়মাণ থকা বটদ্ৰৱা প্ৰকল্পৰ কাষতে থকা অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত প্ৰবেশ কৰে (Assam CM at Batadrava) ।
কীৰ্তনঘৰত মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰৱৰ্তী সময়ত কীৰ্তনঘৰৰ মণিকূটৰ আসন আৰু গুৰু আসনত গোঁসাইক পুনৰ প্ৰতিষ্ঠা কৰা মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰে । সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি অহা মুখ্যমন্ত্ৰীগৰাকীক বৃহত্তৰ বটদ্ৰৱাৰ ভকত বৈষ্ণৱ আই-মাতৃসকলে বাটচ’ৰাৰ সন্মুখৰ পৰা নাম কীৰ্তনেৰে আদৰি আনে ।