অসম

assam

ETV Bharat / state

অসমক আগুৱাই নিবলৈ দক্ষ অসমীয়াৰ প্ৰয়োজনঃ ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য - COACING

আমাক দক্ষ মানুহৰ প্ৰয়োজন, লগতে আমাৰ ছাত্ৰ ছাত্ৰীক লাগে কেৱল উপযুক্ত পথৰ সন্ধান ।

অসমক আগুৱাই নিবলৈ দক্ষ অসমীয়াৰ প্ৰয়োজনঃ ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

By

Published : Jul 16, 2019, 10:39 PM IST

নগাঁও, ১৬ জুলাইঃ নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ । অনুষ্ঠানত আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
নগাঁৱত মঙলবাৰে অনুষ্ঠিত হোৱা লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী ভাষণত ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যয়ই অসমক আগুৱাই নিবলৈ প্ৰতিটো স্তৰতে দক্ষ অসমীয়াৰ প্ৰয়োজন বুলি মন্তব্য কৰাৰ লগতে প্ৰশাসনিক সেৱা অসমৰ খিলঞ্জীয়াই দখল কৰা ছাত্ৰ সন্থাৰ এটা সপোন বুলি মন্তব্য কৰে । লগতে ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় যে, আমাক দক্ষ মানুহৰ প্ৰয়োজন, লগতে আমাৰ ছাত্ৰ ছাত্ৰীক লাগে কেৱল উপযুক্ত পথৰ সন্ধান । সেই উদ্দেশ্য আগত ৰাখিয়েই ছাত্ৰ সন্থাই লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ বিনামূলীয়া প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰে । ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ডঃ ভট্টাচাৰ্যই কেইবাজনো দক্ষ বিষয়াৰ কথা উল্লেখ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰা নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ শিক্ষা জীৱনৰ কথাও উল্লেখ কৰে সমুজ্জল ভট্টাচাৰ্য্যই ।

অসমক আগুৱাই নিবলৈ দক্ষ অসমীয়াৰ প্ৰয়োজনঃ ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

লগতে অনুষ্ঠানত উপস্থিত থাকে নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাস । লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে নগাওঁ জিলা উপায়ুক্ত যাদৱ শইকীয়াই । শইকীয়াই ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত অধিক গুৰুত্ব দিবলৈ আহ্বান জনোৱাৰ লগতে অধ্যয়নত গুৰুত্ব দিবলৈয়ো আহ্বান জনায় উপায়ুক্ত যাদৱ শইকীয়াই ।

লগতে আন এটা বাতৰি - গুজৰাটৰ সিংহই শোভা বৰ্ধন কৰিব ৰাজ্যিক চিৰিয়াখানা

ABOUT THE AUTHOR

...view details