অসম

assam

ETV Bharat / state

শিক্ষকৰ অভাৱৰ মাজতেই ১০০% ফলাফল চৰকাৰী বিদ্যালয়ৰ

কলিয়াবৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৯ গৰাকী শিক্ষকৰ বিপৰীতে ৫ গৰাকী শিক্ষকৰ পাঠদান । কিন্তু বিদ্যালয়খনৰ পৰা ১০০ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিলে সমগ্ৰ কলিয়াবৰৰ ৰাইজলৈ । ৯৮% ৰে ৰাজ্যৰ ভিতৰতে খুচুৰা ব্যৱসায় ( Retail Trade) বিষয়ত সৰ্বোচ্চ নম্বৰ দখল কৰিবলৈ সক্ষম হৈছে বিদ্যালয় খনৰ দুগৰাকী ছাত্ৰীয়ে ।

১০০% ফলাফলৰে এখন ব‍্যতিক্ৰমী চৰকাৰী বিদ‍্যালয়

By

Published : May 25, 2019, 7:54 PM IST

নগাঁও, ২৫ মেঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে ১০০ শতাংশ উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । তাৰোপৰি বিদ্যালয় খনৰ এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় ।

১০০% ফলাফলৰে এখন ব‍্যতিক্ৰমী চৰকাৰী বিদ‍্যালয়

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় খনৰ ছাত্ৰী সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লুনামণি হাজৰিকাই খুচুৰা ব‍্যৱসায় (Retail Trade) বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৮% নম্বৰ লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । পৰীক্ষাত অৱতীৰ্ণ হোৱা ১২৫ গৰাকী ছাত্ৰীৰ ভিতৰত ২০ গৰাকী ষ্টাৰ সহ ৬০ গৰাকী ১ম বিভাগত উত্তীৰ্ণ হয়, ৪৮ গৰাকী ২য় বিভাগ আৰু ১৭ গৰাকীয়ে ৩য় বিভাগ লাভ কৰিছে । উল্লেখ্য যে, অসমীয়া, ভূগোল আৰু শিক্ষা বিষয়ৰ বাহিৰে বাকী বিষয়ৰ এজনো শিক্ষক নাই বিগ্যালয় খনত । কলা শাখাৰ মুঠ নজন শিক্ষক পদৰ বিপৰীতে ছ জন শিক্ষকৰ পদেই খালী হৈ আছে বিদ্যালয়খনত । তথাপিতো শিক্ষকৰ সমস্যাৰে ভাৰাক্ৰান্ত কলিযাবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে ১০০% ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ কাকতি আৰু সহকৰ্মী শিক্ষকসকলৰ নিৰবচ্ছিন্ন প্ৰচেষ্টাতাতেই শিক্ষাৰ্থী সকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । এই ফলাফলক লৈ কলিয়াবৰবাসীৰ লগতে শিক্ষক সকল তথা শিক্ষাৰ্থী সকল উৎফুল্লিত হৈ পৰিছে ।

লগতে আন এটা বাতৰি -কলা শাখাত দ্বিতীয় স্থান দখল প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ কৌশিক কছাৰীৰ

ABOUT THE AUTHOR

...view details