কলিয়াবৰ, ৯ জানুৱাৰী :দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । ৰাজ্যতো ইতিমধ্যে ৰাজনৈতিক তৎপৰতা বৃদ্ধি হোৱা দেখা গৈছে । তাৰে পৰিপ্ৰেক্ষিতত মঙলবাৰে অসম গণ পৰিষদ দলৰ এক যোগদান কাৰ্যসূচী সম্পন্ন হয় । কলিয়াবৰত অনুষ্ঠিত হয় অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ এই যোগদান কাৰ্যসূচী ।
কলিয়াবৰৰ কুঁৱৰীটোলৰ মুক্তিযুঁজাৰু ভৱনত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত যোগদান সমাৰোহত যুৱ পৰিষদত যোগদান কৰে পাঁচ শতাধিক লোকে । অসম যুৱ পৰিষদৰ কলিয়াবৰ বিধানসভা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তৰ লগতে শীৰ্ষ বিষয়ববীয়াসকল । সভাত ভাষণ প্ৰসঙ্গত মন্ত্ৰী মহন্তই অগপ দলক শক্তিশালী কৰিবলৈ নতুনকৈ দলত যোগদান কৰা যুৱ সতীৰ্থসকললৈ আহ্বান জনায় ।
অসমৰ ৰাজনীতিত ধৰ্মনিৰপেক্ষ আঞ্চলিকতাবাদী দল অগপই অসমৰ জনগণৰ স্বাৰ্থত ধাৰাবাহিকভাৱে সেৱা আগবঢ়াই আহিছে । আনহাতে, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই এখন সমৃদ্ধিশালী অসম গঢ়াৰ লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা অগপ দলত যোগদান কৰা পাঁচ শতাধিক যুৱ সতীৰ্থৰ জৰিয়তে এই লক্ষ্য ত্বৰান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে ।