নগাঁও, 1 অক্টোবৰ : নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে প্ৰাপ্য দৰমহা আদায়ৰ দাবীত নগাঁৱত আশা কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী।
কৰ'ণা মহামাৰীৰ সময়ত ভয় আতংকৰ মাজেৰেও নিজৰ দায়িত্ব পালন কৰি অহা আশা কৰ্মীসকলক চৰকাৰে অৱহেলা কৰাৰ অভিযোগেৰে বৃহস্পতিবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আশা কৰ্মীসকলে। ৰাজ্যিক আশা ইউনিয়ন (চি আই টি ইউ) ৰ উদ্যোগত নগাঁও কলেজ পইণ্টত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। সমদল কৰি প্ৰতিবাদকাৰী আশা কৰ্মীসকল উপস্থিত হয় নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ।