চামগুৰি, ২৬ অক্টোবৰ: অৱশেষত নগাঁৱৰ জুৰিয়া আৰক্ষীয়ে আটক কৰিলে ৩ মাহে পলাতক হৈ থকা ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলামক। ধৃত ব্যৱসায়ীটোৰ ঘৰ জুৰিয়াৰ উদমাৰী গাঁৱত। দীৰ্ঘদিন ধৰি নিজ বাসগৃহৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল নুৰুলে।
নগাঁৱত জুৰিয়া আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী
সুদীৰ্ঘ ৩ মাহৰ অন্তত নগাঁৱৰ জুৰিয়াত আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলাম। ধৃত ব্যৱসায়ীটোৰ বাসগৃহৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছৰে পৰা পলাতক হৈ আছিল। সোমবাৰে জুৰিয়া আৰক্ষীৰ অভিযানত আটক নুৰুল ইছলাম নামৰ ব্যৱসায়ীটো।
নগাঁৱত জুৰিয়া আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী
প্ৰায় ৩ মাহ পূৰ্বে আৰক্ষীয়ে অভিযান চলাই ব্যৱসায়ীটোৰ বাসগৃহৰ পৰা বৃহত্ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল। কিন্তু ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলাম পলায়ন কৰিবলৈ সক্ষম হয়। জুৰিয়া আৰক্ষীৰ অভিযানত সোমবাৰে আটক হয় নুৰুল ইছলাম। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইছলামক সোধা-পোছা অব্যাহত ৰাখিছে।
লগতে পঢ়ক:শিলচৰৰ বৰাক নদীৰ ঘাটত বিসৰ্জন দুৰ্গা দেৱীৰ প্ৰতিমা