অসম

assam

ETV Bharat / state

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সকলো মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ লাজ লাগেঃ ৰিপুণ বৰা - দিবাস্বপ্ন

মিছন ১০০ বি জে পিৰ দিবাস্বপ্নঃ ৰিপুণ বৰা। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সৰু ল'ৰা আখ্যা দি নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৰিলে এই মন্তব্য।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সকলো মন্তব্য প্ৰত্যুত্তৰ দিবলৈ লাজ লাগে: ৰিপুণ বৰা
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সকলো মন্তব্য প্ৰত্যুত্তৰ দিবলৈ লাজ লাগে: ৰিপুণ বৰা

By

Published : Nov 3, 2020, 8:23 PM IST

নগাঁও, ৩ নৱেম্বৰ: স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অপৰিপক্ক কথা কয় বুলি তীব্ৰ কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সৈতে নগাঁৱৰ দলীয় সভাত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী ড০ শৰ্মাক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয় যে, 'হিমন্ত বিশ্ব শৰ্মা সৰু ল'ৰা। হিমন্তই অপৰিপক্ক কথা কয়। হিমন্ত পৰিপক্ক হ'বলৈ সময় লাগিব।'

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সকলো মন্তব্য প্ৰত্যুত্তৰ দিবলৈ লাজ লাগে: ৰিপুণ বৰা

সেয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সকলো মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অপমান বোধ কৰে বুলিও কটাক্ষ কৰে ৰিপুণ বৰাই। আনহাতে, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক জীতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণে কংগ্ৰেছৰ নেতা-কৰ্মীক অধিক উৎসাহিত কৰা বুলি কৈ দলীয় কৰ্মীৰ উৎসাহে অসমত এতিয়া কংগ্ৰেছৰ লহৰ সৃষ্টি কৰিছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে।

আনহাতে, সঘনাই কংগ্ৰেছৰ অন্তৰ্কন্দলৰ বিষয়ে উত্থাপিত হোৱা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, কংগ্ৰেছ দলত বৰ্তমান কোনো সংঘাত নাই। সকলো নেতাৰে আদৰ্শ একেই বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মিঞা মিউজিয়ামৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই বি জে পি চৰকাৰক প্ৰথমে ভ্ৰাম্যমাণ জগতৰ পিতামহ স্বৰূপ অচ্যুত লহকৰৰ লগতে আজান পীৰৰ মিউজিয়াম স্থাপন কৰিবলৈ আহ্বান জনায়। শাসকীয় দল বি জে পিয়ে মিছন ১০০ৰ দিবাস্বপ্ন দেখিছে বুলিও কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।


লগতে পঢ়ক:7 মাহৰ পাছত বিদ্যালয়ত উপস্থিত ছাত্ৰ-ছাত্ৰী

ABOUT THE AUTHOR

...view details