অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - মহামাৰী, লকডাউনৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। নগাঁৱত সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Nov 3, 2020, 1:07 PM IST

নগাঁও, ৩ নৱেম্বৰ: মহামাৰী, লকডাউনৰ সমান্তৰালকৈ এইবাৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। সাধাৰণ ৰাইজৰ লগতে বিভিন্ন সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও অংশগ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰো দাবী উত্থাপন কৰে সংগঠনটোৱে।

লগতে পঢ়ক:চাকৰিৰ নামত প্ৰতাৰণাৰ বলি 10 গৰাকীকৈ যুৱক

ABOUT THE AUTHOR

...view details