নগাঁও, ৩ নৱেম্বৰ: নগাঁৱৰ বটদ্ৰৱা থানত পুৱাই উপস্থিত হৈ সেৱা জনালে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে। বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সেৱা লৈ ধন্য মানিলে কংগ্ৰেছ নেতাগৰাকীয়ে। গুৰুজনাৰ জন্মস্থান তথা বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰাজি বহন কৰি থকা বটদ্ৰৱা থান দৰ্শন কৰি ভক্তিত গদগদ হৈ পৰে জীতেন্দ্ৰ সিং। পুৱাই অসমৰ জাতীয় সাজ পৰিধান কৰি ডিঙিত গামোছা লৈ বটদ্রৱা থানত উপস্থিত হয়।
পিছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই , জিতেন্দ্ৰ সিঙক শৰাই, গামোচা, গ্ৰন্থৰে আদৰণি জনায়। জিতেন্দ্ৰ সিঙে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাৰ লগত থানৰ কাৰ্যালয়ত এক আলোচনাতো মিলিত হয়। জীতেন্দ্ৰ সিঙে বটদ্ৰৱা থানত প্ৰৱেশ কাৰাৰ সময়তে কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে ভিৰ কৰে বটদ্ৰৱা থান চৌহদ।