অসম

assam

ETV Bharat / state

দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

নগাঁৱত ১৪৪ ধাৰা জাৰি কৰিলে জিলা প্ৰশাসনে । দীপাৱলী আৰু শ্ৰী শ্ৰী কালী পূজাৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকাত নতুন নিৰ্দেশনা জাৰি ।

দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?
দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

By

Published : Nov 12, 2020, 8:32 PM IST

নগাঁও, ১২ নৱেম্বৰ: মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ শংকা আৰু শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত নগাঁৱৰ জিলা দণ্ডাধীশ কবিথা পদ্মনাভণে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰিছে। প্ৰশাসনে দীপাৱলী, শ্ৰী শ্ৰী কালী পূজা, ষট পূজা, বৰদিন আৰু নিউ ইয়েৰ ইভ উদযাপন কৰাক লৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ।

দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

এই নিৰ্দেশনা অনুসৰি দীপাৱলীৰ নিশা সন্ধিয়া ৮-১০ বজালৈ আতচবাজি বিক্ৰী আৰু ব্য়ৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে । ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈ, বৰদিন আৰু নিউ ইয়েৰ ইভত নিশা ১১.৫৫ বজাৰ পৰা ১২.৩০ বজালৈহে আতচবাজি ব্যৱহাৰ কৰিব পাৰিব। আনহাতে পেট্ৰ'ল পাম্প, এল পি জি মজুত ৰখা অঞ্চল, পাৱাৰ হাউচ আদিৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত কোনোধৰণৰ আতচবাজি ব্যৱহাৰৰ কৰিব নোৱাৰিব ।

লগতে পথ, পদ-পথ আদিত আতচবাজি বিক্ৰী আৰু ফুটুৱাৰ ক্ষেত্ৰত আৰু যি কোনো ধৰণৰ ৰকেট জাতীয় আটচবাজি ফুটুৱাত আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । আইন ভংগকাৰীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি সকিয়াই দিছে জিলা প্ৰশাসনে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় সেউজ ন্য়াধিকৰণে প্ৰদূষণৰ ভয়াৱহ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সেউজ আতচবাজি ব্যৱহাৰৰ নিৰ্দেশ দিছে।

লগতে পঢ়ক:জালুকবাৰী আৰক্ষীৰ জালত পাঁচটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰ

ABOUT THE AUTHOR

...view details