অসম

assam

ETV Bharat / state

অসমতো বিনামূলীয়াকৈ উপলব্ধ হ'ব COVID-19ৰ ভেকচিনঃ স্বাস্থ্য মন্ত্ৰী - ভেকচিন

সমগ্ৰ দেশৰ লগতে অসমতো COVID-19ৰ ভেকচিন বিনামূলীয়াকৈ লাভ কৰিব ৰাইজে। নগাঁৱৰ আমোলাপট্টি পূজা সমিতিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমতো বিনামূলীয়াকৈ উপলব্ধ হ'ব COVID-19ৰ ভেকচিন: স্বাস্থ্য মন্ত্ৰী
অসমতো বিনামূলীয়াকৈ উপলব্ধ হ'ব COVID-19ৰ ভেকচিন: স্বাস্থ্য মন্ত্ৰী

By

Published : Oct 23, 2020, 6:09 PM IST

নগাঁও, ২৩ অক্টোবৰ: কৰ'ণা মহামাৰীৰ পৰা উপশম পাবলৈ এতিয়া সমগ্ৰ বিশ্ববাসী ভেকচিনৰ বাবে অপেক্ষাৰত হৈ আছে। ভাৰততো ভেকচিন প্ৰস্তুতৰ সম্ভাৱনীয়তাৰ খবৰ সময়ে সময়ে পোহৰলৈ আহিছে। ভাৰতত ভেকচিন বিনামূলীয়াকৈ বিতৰণৰ কথাও ঘোষণা কৰা হৈছে। শুক্ৰবাৰে নগাঁৱত বিত্ত,স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'অসমতো COVID-19ৰ ভেকচিন বিনামূলীয়াকৈ উপলব্ধ হ'ব।'

অসমতো বিনামূলীয়াকৈ উপলব্ধ হ'ব COVID-19ৰ ভেকচিন: স্বাস্থ্য মন্ত্ৰী

আমোলাপট্টিস্থিত নগাঁও নাট্য মন্দিৰ আৰু আমোলাপট্টি পূজা সমিতিৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে,'ভাৰত চৰকাৰেও এই সম্পৰ্কত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজৰ সহযোগিতাৰে আমি মহামাৰীক পৰাভূত কৰিব পাৰিম'। দেৱী দুৰ্গাৰ ওচৰত সেৱা লৈ বন্তি প্ৰজ্বলন কৰে। স্থানীয় মহিলাসকলে প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰচিত সমবেত সংগীত পৰিৱেশন কৰে। উদ্যোক্তাসকলে মন্ত্ৰীজনক গামোচা, জাপি, শৰাই, সম্বৰ্ধনা পত্ৰৰে আদৰণি জনায়।

লগতে পঢ়ক:বাক্সা বৰমাত ইউপিপিএলৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details