বঢ়মপুৰ, ২১ নৱেম্বৰ: প্ৰায় ১১ মাহ ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আন কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে। প্ৰতিবাদকাৰীসকলৰ মতে, ন্যায়ালয়ে এটাৰ পিছত আনটো তাৰিখলৈ অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানি পিছুৱাই থকাত কৃষক নেতাজনৰ মুক্তিৰ পথত বাধা আহি পৰিছে। অখিল গগৈক কাৰাবন্দী কৰি ৰখা ঘটনাত চৰকাৰে ষড়ষন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ দাবীত কামপুৰত প্ৰতিবাদ - নগাঁৱৰ কামপুৰত
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱৰ কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ষড়ষন্ত্ৰমূলকভাৱে চৰকাৰে কৃষক নেতাগৰাকীক কাৰাবন্দী কৰি ৰখাৰ সন্দেহ সংগঠনটোৰ। অখিল গগৈক শীঘ্ৰে মুক্তি নিদিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।
কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
আনহাতে, ৰাজপথৰ দাঁতিৰ দেৱালত অখিল গগৈৰ ছবি অংকন কৰা শিল্পীৰ ওপৰত বীৰত্ব দেখুওৱা গৃহ বিভাগকো তীব্ৰ সমালোচনা কৰে ৷ ৰাজ্যৰ বিজেপি চৰকাৰখনক ফেচিবাদী চৰকাৰ আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে । কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৰ লগতে আন দল-সংগঠনেও কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী উত্থাপন কৰিছে।
লগতে পঢ়ক:যোৰহাটত বিধংসী অগ্নিকাণ্ডত ভস্মীভূত বহুকেইটা বাসগৃহ