নগাঁও, 23 জুলাই : এটা খবৰে থান বান কৰিলে এখন ঘৰ ৷ নয়ন আৰু নাই ৷ গাঁওবাসীক কন্দুৱাই নেদেখা দেশলৈ গ’ললৈ নয়ন ৷ শনিবাৰে স্বগৃহ পালেহি অৰুণাচলৰ জিৰ'ত ভয়াবহ দুৰ্ঘটনাত মৃত্যু হোৱা নগাঁৱৰ কন্দলী বৰকছাৰী গাঁৱৰ নয়ন বসুমতাৰীৰ মৃতদেহ (Bodies of Nayan arrive in Nagaon)৷ মৃতদেহ বাসগৃহ পোৱাৰ লগে লগেই কান্দোনৰ ৰোল উঠে গাঁওখনত ৷ মৰমৰ পুত্ৰক শেষবাৰৰ কাৰণে চাই কান্দোনত ভাগি পৰে নয়নৰ মাতৃ ৷
যোৱা 18 জুলাইত এখন প'ল' বাহনত তিনি বন্ধুৰ সৈতে নয়নে ফুৰিবলৈ গৈছিল অৰুণাচলৰ জিৰ’ পইণ্টলৈ । তাৰ পিছতেই ভয়াবহ দুৰ্ঘটনাত পতিত হৈ জিৰ' পইণ্টৰ পৰা 200 ফুট তলত পৰি যায় বাহনখন(Arunachal Pradesh Zero crash) ৷ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল নয়ন আৰু তেওঁৰ লগত যোৱা আন তিনিজন যুৱক । এই ঘটনাৰ তিনিদিনৰ পিছত অৰ্থাৎ শুকুৰবাৰে জিৰ’ পইণ্টৰ প্ৰায় 200 ফুট তলত NDRF বাহিনীয়ে উদ্ধাৰ কৰিছিল 4 যুৱকৰ মৃতদেহ (NDRF recovered bodies of four Assam youth) ৷