অসম

assam

By

Published : May 6, 2020, 5:20 PM IST

ETV Bharat / state

শিল্পীয়ে শিল্পীলৈ আগবঢ়াইছে সহায়ৰ হাত

শিল্পীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল অসম চলচিত্ৰ সমাজৰ লগতে বেংক অৱ বৰোদা । বেংক অৱ বৰোদাৰ উদ্যোগত অসম চলচিত্ৰ সমাজ, নগাঁও শাখাই শিল্পীসকলক আগবঢ়ালে সহায়ৰ হাত ৷

Artists helping hand to artists
শিল্পীয়ে শিল্পীলৈ আগবঢ়াইছে সহায়ৰ হাত

নগাওঁ ,6 মে'ঃশিল্পীলৈ শিল্পীৰ সহায়ৰ হাত । লক্ ডাউনৰ সময়ছোৱাত বিভিন্নজনৰ লগতে তীব্ৰ সংকটৰ সন্মুখীন হৈছে শিল্পী সমাজো । এইবাৰ শিল্পীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল চলচিত্ৰ সমাজৰ লগতে বেংক অৱ বৰোদা। বুধবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত চলচিত্ৰ সমাজ নগাওঁ শাখা আৰু বেংক অৱ বৰোদাই নগাঁৱৰ ৮০ গৰাকী শিল্পীক প্ৰদান কৰে খাদ্য সামগ্ৰী। চাউল, দালিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে মাস্ক, ছেনিটাইজাৰ আদিও প্ৰদান কৰা হয় শিল্পীসকলক।

শিল্পীয়ে শিল্পীলৈ আগবঢ়াইছে সহায়ৰ হাত

অভিনেতা যতীন বৰা, বিশিষ্ট ছবি পৰিচালক ড৹ পাৰ্থজিত বৰুৱা, মানস বৰুৱা, কন্ঠশিল্পী কৃষ্ণমণি নাথ আদি শিল্পীৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ লগতে বেংক অৱ বৰোদাৰ বিষয়াৰ উপস্থিতিত সাহায্য প্ৰদান কৰা হয় শিল্পীসকলক । নগাওঁ জিলাৰ পৰাই চলচিত্ৰ সমাজে আৰম্ভ কৰে শিল্পীক অনুদান প্ৰদানৰ এই কাৰ্যসূচী ৷ পৰৱৰ্তী সময়ত চলচিত্ৰ সমাজে ৰাজ্যখনৰ সকলো জিলাতে ৰূপায়ন কৰিব এই বিশেষ অনুদান কাৰ্যসূচী ৷

ABOUT THE AUTHOR

...view details