নগাঁও,7জানুৱাৰী:একেই স্থান,একেজন মানুহ,একেটা গীত ৷ পাৰ্থক্য মাথোঁ এটাই পৃথক সময় আৰু পৃথক মঞ্চ ৷ মানুহজন হৈছে গণশিল্পী সূৰ্য দাস ৷ যি ৰাইজৰ বাবে গান গায় ৷ ৰাজ্যত যেতিয়া কা আন্দোলনৰ জুইয়ে আকাশ ভেদিছিল, সেই সময়ছোৱাত গণশিল্পী সূৰ্য দাসে শাসনাধিস্থিত বিজেপি চৰকাৰক থকা সৰকা কৰিছিল কথাৰে-গীতেৰে ৷ কিন্তু সময় বাগৰিল ৷ কা আন্দোলনৰ জুই উত্তাপো লাহে লাহে নোহোৱা হ'ল ৷ আৱেগবোৰ আকৌ গোট মাৰি বৰফ হ'ল ৷ যাৰ প্ৰমাণ দিলে সূৰ্য দাসৰ দৰে অভিজ্ঞতাপুষ্ট শিল্পীগৰাকীয়ে ৷ বুধবাৰে মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ কৃতজ্ঞতা সমাৰোহত গণশিল্পী সূৰ্য দাসে অসম,অসমীয়া আৰু অসমৰ জাতি-জনগোষ্ঠীক বচাবলৈ বিজেপিক লাগিবই বুলি মন্তব্য কৰে ৷ কিন্তু একেগৰাকী সূৰ্য দাসে এবছৰ পূৰ্বে ৰাইজক অনুৰোধ জনায় জয় আই অসম ম্লান হ'বলৈ নিদিব, নহ'লে পিছৰ প্ৰজন্ম বাছি নাথাকিব বুলি মন্তব্য কৰিছিল ৷
এবছৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন বুজি নোপোৱা গণশিল্পী সূৰ্য দাসে এবছৰৰ ভিতৰতে বুজি পালে নাগৰিকত্ব সংশোধনী আইন ৷ তদুপৰি কা আন্দোলনকাৰীক একপ্ৰকাৰ ভেঙুচালি কৰি বিজেপিৰ সভাত গণশিল্পীগৰাকীয়ে ক'লে, কা আন্দোলন চাবলৈ গৈ আমটো নপকোতেই দৰদাম হোৱাহে দেখিলোঁ বুলি কৈ আন্দোলনত নেতাহে জন্ম হ'ল বুলি কয় ৷ জনগণৰ সুৰক্ষাৰ বাবে কা’ৰ বিৰোধিতা কৰাৰ গত্যান্তৰ নাই বুলি কা আন্দোলনৰ সময়ত সংগ্ৰামী জনতাক আহ্বান জনোৱা শিল্পীগৰাকীয়ে আন্দোলন কৰি একো নাপালোঁ বুলিহে মন্তব্য কৰে ৷