নগাঁও,22 ছেপ্তেম্বৰঃপুথিচিত্রক লৈ দেশ-বিদেশৰ চিত্র প্রদর্শনীত অংশ লৈ বহুলভাৱে সমাদৃত হোৱা নগাঁৱৰ শিল্পী সুজিত দাসৰ আন এক প্ৰয়াস । ভীষ্ম দূৰ্লভ মহন্তৰ দ্বাৰা সম্পাদিত সচিত্র শংকৰদেৱ নামৰ গ্রন্থখনত অসমৰ পুথিচিত্রৰ শৈলীত শিল্পী সুজিত দাসে আঁকিছে গুৰুজনাৰ জীৱনী । ইতিমধ্যে এই গ্রন্থৰ বহু কপি দেশ-বিদেশত বিলাই দিছে তেঁও । গুৰুজনাৰ জীৱনী সচিত্র কৰাৰ জৰিয়তে আৰু অসমৰ চিত্রকলাক বিশ্ব দৰবাৰত লৈ গৈছে শিল্পী সুজিত দাসে । সাঁচিপাতত হেঙুল-হাইতাল বুলাই তেঁও জন্ম দিছে বহু চিত্রৰ ৷ শিল্পীজনৰ হাতত প্রাণ পাইছে অসমৰ বুৰঞ্জীয়ে ।
পুথিচিত্ৰৰ শৈলীত বিশ্ব দৰবাৰলৈ গুৰুজনাৰ জীৱনী - 'সচিত্র শংকৰদেৱ'
অসমৰ কলা-কৃষ্টিক বিশ্ব দৰবাৰত তুলি ধৰা নগঞা শিল্পী সুজিত দাসৰ আন এক প্ৰয়াস । পুথিচিত্ৰৰ শৈলীত গুৰুজনাৰ জীৱনী অংকন কৰি বিলাইছে দেশে-বিদেশে ।
![পুথিচিত্ৰৰ শৈলীত বিশ্ব দৰবাৰলৈ গুৰুজনাৰ জীৱনী Artist sujit das puthi distributed at foreign](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8894742-988-8894742-1600769846998.jpg)
ইপিনে সাঁচিপাতত অঁকা চিত্রলেখাই অনিৰুদ্ধৰ ছবি অঁকাৰ দৃশ্য বা হৰি-হৰ যুদ্ধৰ দৃশ্য-বর্তমান চিত্র আছে ঝাড়খণ্ডৰ ট্রাইবেল মিউজিয়ামত । কেতিয়াবা পুৰণি পেপিৰাছ পাতত আঁকিছে হিউয়েন চাঙৰ অসম ভ্রমণৰ দৃশ্য , আছে চীনৰ ভাৰতীয় দূতাবাসত। শিল্পীজনে আঁকিছে চিত্রভাগৱত আৰু সাত বৈকুন্ঠৰ কাল্পনিক চিত্র। এইসমূহ ইতিমধ্যে বিভিন্ন মিউজিয়ামত সংৰক্ষিত হৈছে । অসমৰ পুথি ৰখা বাকচকো নতুন ৰূপ দি জীয়াই তুলিছে শিল্পী সুজিত দাসে। শিল্পীজনৰ চিত্রকলাৰ প্রশংসা কৰিছে বৃটিছ প্রিন্ছ উইলিয়াম, তিব্বতৰ দালাই লামাকে ধৰি বহু প্রখ্যাত ব্যক্তিয়ে।
চিত্রশিল্পীজনৰ অসমৰ পুথিচিত্রৰ প্রদর্শনী কৰিছে ৰাছিয়া, আমেৰিকা, চীন, ডুবাই, নেপাল, শ্রীলংকা, ইজিপ্ট, ভিয়েটনাম, ভূটান, মালেছিয়া, ছিংগাপুৰ, ইয়োৰোপৰ গ্রীছ, কছোভো আদিকে ধৰি বিশ্বৰ ২৫খন দেশত। তেখেতে ২০১৪-১৫ বর্ষত পুথিচিত্রৰ বাবে লাভ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতি মন্ত্রণালয়ৰ বিশেষ ফেল'শ্বিপ। বিশ্বৰ দীঘল তুলিকাৰে বিষ্ণু ৰাভাৰ ছবি আঁকি অসমৰ নাম গীণিজ বুকত সন্নিবিষ্ট কৰি ৰখা এই শিল্পীজনে চিত্রকলাৰ আদিপাঠ গ্রহণ কৰিছিল বিশিষ্ট চিত্রশিল্পী নগাঁৱৰ প্রণৱ বৰুৱাৰ পৰা । শেহতীয়াকৈ সুজিত দাসে শংকৰী মুখা আৰু শিশুৰ সৈতে অঁকা ছবিৰ ছিৰিজে কলাপ্রেমীসকলৰ বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে । বিগত ২১ বছৰ ধৰি জ্যোতি চিত্রাংকন বিদ্যালয়ৰ জৰিয়তে সুজিত দাসে তেখেতৰ চিত্রবিদ্যা বিলাই দিছে উত্তৰ প্রজন্মৰ হাতত। চিত্রশিল্পৰ জৰিয়তে অসমৰ কলা-কৃষ্টিক বিশ্বত পৰিচিত কৰাই দিয়াই হৈছে নগঞা শিল্পী গৰাকীৰ সপোন।
লগতে পঢ়কঃ২৪ ছেপ্তেম্বৰৰ পৰা মুকলি নহয় কামাখ্যা মন্দিৰৰ দুৱাৰ