অসম

assam

ETV Bharat / state

সুধাকণ্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰৰে শ্ৰদ্ধাঞ্জলী শিল্পী ৰঞ্জন বেজবৰুৱাৰ - শিল্পী ৰঞ্জন বেজবৰুৱাৰ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলী

ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ অষ্টম স্মৃতি দিৱসৰ প্ৰাকমুহূৰ্তত সুধাকন্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰ কৰি বিশেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শিল্পী ৰঞ্জন বেজবৰুৱাই ৷

সুধাকণ্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰৰে শ্ৰদ্ধাঞ্জলী শিল্পী ৰঞ্জন বেজবৰুৱাৰ

By

Published : Nov 4, 2019, 11:39 PM IST

নগাঁও, 4 নৱেম্বৰঃ 5 নৱেম্বৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৷ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু দিৱসৰ প্ৰাকমুহূৰ্তত সুধাকন্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰ কৰি বিশেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শিল্পী ৰঞ্জন বেজবৰুৱাই ৷ সংস্কৃতত গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী ৰঞ্জন বেজবৰুৱাই অন্যান্য ভাৰতীয় সংগীতৰ লগতে ভূপেন হাজৰিকাৰ তিনিটাকৈ গীতত সংস্কৃত ৰূপত কণ্ঠদান কৰি আনন্দিনী নামৰ শ্ৰব্য চিডিৰ আংশিকভাৱে উন্মোচন কৰে ৷

সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলী শিল্পী ৰঞ্জন বেজবৰুৱাৰ

সোমবাৰে নগাওঁ প্ৰেছ ক্লাৱত বিশিষ্ট কবি প্ৰয়াগ শইকীয়া, নগাওঁ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি শৈলেন শইকীয়া, প্ৰাক্তন সম্পাদক পলাশ প্ৰতীম হাজৰিকা আৰু বৰ্তমানৰ সম্পাদক চন্দনজ্যোতি বৰাই উন্মোচন কৰে উক্ত শ্ৰব্য চিডিখন ৷ চি ডি উন্মোচন কৰি বিশিষ্ট কবি প্ৰয়াগ শইকীয়াই কয় যে, অসমীয়াৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই, ভূপেন হাজৰিকা আজিও জীৱিত আমাৰ মাজত ৷ লগতে চিডি উন্মোচন কৰি দৰ্শকক উদ্দেশ্যি ৰঞ্জন বেজবৰুৱাই সংস্কৃতলৈ ৰূপান্তৰ কৰা গীতৰ এটা কলিও পৰিৱেশন কৰিলে ৷

ABOUT THE AUTHOR

...view details