নগাঁও,20 মাৰ্চ: বৃহস্পতিবাৰে নিশা প্ৰায় 12 বজাত চিকিৎসাধীন অৱস্থাত ইহলীলা ত্যাগ কৰিলে অসমৰ খ্যাতিনামা দৰদী কণ্ঠশিল্পী পংকজ বৰদলৈয়ে ৷ দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পী গৰাকী ৷ শিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত৷ উল্লেখ্য যে শিল্পী গৰাকীয়ে অসুস্থ দেহাৰেই 3 জানুৱাৰী তাৰিখে কা'ৰ বিৰুদ্ধে 'বজ্ৰ-নিনাদ'কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল লগতে গাইছিল "লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই ৷ 'বজ্ৰ-নিনাদ' কাৰ্যসূচীত অংশগ্ৰহণ কৰি 2021 চনৰ বিধানসভাৰ নিৰ্বানচত গানেৰে বিজেপি চৰকাৰ উফৰাম বুলি হুংকাৰ প্ৰদান কৰিছিল শিল্পী জনে ৷ কিন্তু সেই আশা বুকুত বান্ধিয়েই যেন চিৰদিনৰ বাবে ইহসংসাৰৰ পৰা বিদায় ললে শিল্পী গৰাকীয়ে ৷
'বগৰী তলৰ খানা" খাবলৈ আৰু কেতিয়াও উভতি নাহে পংকজ বৰদলৈ - 'বগৰী তলৰ খানা"
পংকজ বৰদলৈৰ মহাপ্ৰস্থানত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পংকজ বৰদলৈৰ সতে পাৰ হোৱা স্মৃতি ৰোমন্থন কৰি শোকাভিভূত মঞ্চ শিল্পী ৰামেশ্বৰ হাজৰিকা ৷
!['বগৰী তলৰ খানা" খাবলৈ আৰু কেতিয়াও উভতি নাহে পংকজ বৰদলৈ Artist Rameswar Hazarika remembering Pankaj Bordoloi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6479738-thumbnail-3x2-p1.jpg)
'বগৰী তলৰ খানা" খাবলৈ আৰু কেতিয়াও উভতি নাহে পংকজ বৰদলৈ
'বগৰী তলৰ খানা" খাবলৈ আৰু কেতিয়াও উভতি নাহে পংকজ বৰদলৈ
উল্লেখ্য যে শিল্পী গৰাকীৰ মহাপ্ৰস্থানত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পংকজ বৰদলৈৰ সতে পাৰ কৰা স্মৃতি ৰোমন্থন কৰি শোকাভিভূত হৈ পৰে প্ৰথিতযশা মঞ্চ শিল্পী ৰামেশ্বৰ হাজৰিকা ৷ কলিয়াবৰলৈ পথাৰৰ 'বগৰী তলৰ খানা"খাবলৈ পংকজ বৰদলৈ আৰু আৰু নাহে বুলি উল্লেখ কৰি বহু স্মৃতি সোঁৱৰিলে শিল্পী গৰাকীয়ে ৷ এসময়ৰ মঞ্চ জগতৰ বলিষ্ঠ কৌতূক অভিনেতা ৰামেশ্বৰ হাজৰিকাৰ সৈতে তেওঁৰ আছিল আন্তৰিক তথা ঘৰুৱা সম্পৰ্ক ৷
লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ : ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মোডীৰ ভিডিঅ' কনফাৰেন্স
TAGGED:
কেতিয়াও উভতি নাহে পংকজ বৰদলৈ