নগাঁও, 8 ছেপ্তেম্বৰঃ আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক ওপজা দিন ৷ সুধাকণ্ঠগৰাকীৰ ওপজা দিনৰ এই মুহুৰ্তত মহান শিল্পীগৰাকীক সুঁৱৰি নগঞা শিল্পী নয়ন অসম কলিয়াবৰীয়াই শ্ৰোতা ৰাইজলৈ বুলি সামাজিক মাধ্যমযোগে আগবঢ়াইছে তিনিটাকৈ চুটি গীত ৷
সুধাকণ্ঠৰ ওপজা দিনটোতে নয়ন অসমৰ তিনিটিকৈ গীত মুকলি - নয়ন অসম কলিয়াবৰীয়া
সুধাকণ্ঠৰ ওপজা দিনটোতে তিনিটিকৈ চুটিগীত মুকলি কৰিলে শিল্পী নয়ন অসম কলিয়াবৰীয়াই ৷ কৰৱী কুসুম মিউজিক ক্ৰিয়েছনৰ বেনাৰত প্ৰস্তুত কৰা তিনিওটা চুটিগীতৰ সংগীত প্ৰাঞ্জল বৰাৰ আৰু কথা-সুৰৰ লগতে কণ্ঠদান কৰিছে নয়ন অসম কলিয়াবৰীয়াই ৷
সুধাকণ্ঠৰ ওপজা দিনটোতে নয়ন অসমৰ তিনিটিকৈ গীত মুকলি
উল্লেখ্য যে, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত বিশেষ চৰ্চা অব্যাহত ৰখা নগঞা শিল্পীগৰাকীৰ এই তিনিওটা গীতৰ মাজত দেখিবলৈ পোৱা গৈছে শিল্পীগৰাকীৰ এক ন উদ্ভাৱন ৷ চুটি ছবি তথা চুটি গল্পৰ ধাৰণাক সাৰথি কৰি সংগীতৰ ক্ষেত্ৰখনত অনন্য মাত্ৰাৰে নতুনত্ব অনাৰ এক প্ৰয়াস চলাই আহিছে এইগৰাকী শিল্পীয়ে ৷ শেহতীয়াকৈ কৰৱী কুসুম মিউজিক ক্ৰিয়েছনৰ বেনাৰত প্ৰস্তুত কৰা তিনিওটা চুটিগীতৰ সংগীত প্ৰাঞ্জল বৰাৰ আৰু কথা-সুৰৰ লগতে কণ্ঠদান কৰিছে নয়ন অসম কলিয়াবৰীয়াই ৷