কলিয়াবৰ,২৭মাৰ্চ: কলিয়াবৰত শনিবাৰে জাতীয় কৃষ্টি বিহুৰ দুগৰাকী সাধকক আনুষ্ঠানিকভাৱে প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা (Kamal Chandra Mahanta Award )প্ৰদান কৰা হয় । কলিয়াবৰৰ প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত, বৰলুইত কৃষ্টি বিকাশ কেন্দ্ৰ ব্যৱস্থাপনাত দুগৰাকী বিশিষ্ট বিহু গীতৰ শিল্পী ক্ৰমে কলিয়াবৰৰ কবীন ফুকন আৰু অসমৰ জনপ্ৰিয় বিহু শিল্পী বিপুল চেতিয়া ফুকনক ২০২১ আৰু ২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰা হয় (Artist Bipul Chetiya Phukan Felicited at Kaliabor)।
কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়োগৰাকী শিল্পীকে পঁচিশ হাজাৰকৈ নগদ মাননী, জাপি গামোচা, অঙ্গবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয় । মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনী, জি এল পি চ'চিয়েল চাৰ্কোল আৰু ব্যতিক্ৰম মাচডোৰ সহযোগত আয়োজিত অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল বৰাই ।
ভাষণ প্ৰসংগত তেওঁ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্তৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ কিয়দাংশ আলোকপাত কৰে । বিৰাজ ভূষণ বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপ-সভাপতি দয়ানন্দ বৰগোহাঁই, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।